Local, Vocal, Global

Chemicals Detected in Milk : ধুবুৰীৰ পৰা সংগহ কৰা গাখীৰৰ ফৰ্মেলিন, খাদ্য পৰিদৰ্শকৰ ভাষ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

ধুবুৰী, ১০ আগষ্ট : এইবাৰ মাছত নহয় গাখীৰত ফৰ্মেলিন উলাইছে (Chemicals Detected in Milk) । ধুবুৰীৰ পৰা সংগহ কৰা গাখীৰৰ নমুনা নিম্নমানৰ হোৱা পৰিলক্ষিত হৈছে । গাখীৰৰ একাংশ নমুনাত ধৰা পৰিছে পাউডাৰ আৰু ফৰ্মেলিন জাতীয় ৰসায়ন (Chemicals found in milk in Dhubri) । ধুবুৰী জিলাৰ খাদ্য পৰিদৰ্শক আৰিফা বেগমৰ এক ভাষ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।

বুধবাৰে স্থানীয় একাংশ সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত বিষয়াগৰাকীয়ে ধুবুৰীৰ পৰা সংগ্ৰহিত গাখীৰ নমুনাত একাংশ নিম্ন মানদণ্ডৰ সামগ্ৰী পোৱাৰ তথ্য ই মেইল যোগে লাভ কৰে বুলি জনায় ।

লগতে তেওঁ কয় যে, পৰীক্ষাগাৰত প্ৰেৰণ কৰা গাখীৰৰ নমুনাত পাউডাৰ জাতীয় সামগ্ৰীকে ধৰি মানৱ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক ফৰ্মেলিন জাতীয় ৰাসায়নিক সামগ্ৰী পোৱা গৈছে ।

উল্লেখ্য যে, বিগত ১ জুলাইৰ পুৱা ধুবুৰীৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ সন্মুখৰ ৰাজপথৰ দাঁতিত এগৰাকী গাখীৰ বিক্ৰেতাই গাখীৰত কেমিকেল জাতীয় কিবা দ্ৰব্য মিহলি কৰি থকা প্ৰত্যক্ষিত কৰিছিল স্থানীয় ৰাইজে । এই ঘটনাই ধুবুৰীত গাখীৰৰ নামত কি বিক্ৰী কৰি থকা হৈছে বুলি সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই সমগ্ৰ বিষয়টো লৈ আনকি প্ৰশাসন আৰু খাদ্য সুৰক্ষা বিভাগৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল । ৰাইজৰ তুমুল সমালোচনাৰ সম্মুখীন হোৱাৰ পিছত বিগত জুলাই মাহৰ ২ তাৰিখৰ পৰা ধুবুৰীৰ কাছাৰী ঘাটত খাদ্য সুৰক্ষা বিভাগৰ এটি দলে অভিযান আৰম্ভ কৰিছিল । পিছে গাখীৰৰ মানদণ্ড নিৰ্ণয়ত কোনো ধৰণৰ নূন্যতম সা-সঁজুলি নথকা হেতুকে খাদ্য সুৰক্ষা বিভাগৰ সেই অভিযান বাস্তবত এক ভেকোভাওনা বুলি ৰাইজে সমালোচনা কৰিছিল।

পিছত জুলাইৰ প্ৰথম সপ্তাহতে ধুবুৰীত খাদ্য সুৰক্ষা বিভাগে চলন্ত পৰীক্ষাগাৰেৰে আৰম্ভ কৰিছিল গাখীৰৰ মানদণ্ড নিৰূপণৰ সমান্তৰালকৈ নমুনা সংগ্ৰহৰ কাম। সংগৃহিত গাখীৰৰ একাংশ নমুনাত ফৰ্মেলিন জাতীয় ৰাসায়নিক দ্ৰব্য মিহলি কৰাৰ বিষয়টো ধুবুৰীত জনস্বাস্থ্যৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই অনা বুলিয়েই পৰিগণিত হৈছে বৰ্তমানে।

লক্ষ্যনীয় যে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন চৰাঞ্চলৰ পৰা প্ৰতিদিনে শ শ লিটাৰ গৰু আৰু মহৰ গাখীৰ লৈ ধুবুৰীলৈ আগমন ঘটে বহু গাখীৰ বিক্ৰেতাৰ । ইয়াৰে একাংশই মানুহৰ ঘৰে ঘৰে গৈ গাখীৰ বিক্ৰী কৰাৰ বিপৰীতে আন একাংশই ধুবুৰীৰ বজাৰত গাখীৰ বিক্ৰী কৰে । তৈৰোপৰি চহৰখনৰ অধিকাংশ চাহ-মিঠাইৰ দোকান, ৰেষ্টুৰেন্ট আদিও চৰাঞ্চলৰ পৰা অহা গাখীৰ বিক্ৰেতাৰ পৰাই গাখীৰ ক্ৰয় কৰে ।

লগতে পঢ়ক : Dead body recovered: ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদেহ