Local, Vocal, Global

Short film released in Jamugurihat : জামুগুৰিহাটত SPB প্ৰডাকচনৰ বেনাৰত ছুটি ছৱি “পৰিচয়“ৰ শুভমুক্তি

জামুগুৰিহাট, ১০ আগষ্ট : জামুগুৰিহাটৰ বাপুজী ভৱনৰ প্ৰেক্ষাগৃহত বুধবাৰে নিশা SPB প্ৰডাকচনৰ বেনাৰত নিৰ্মিত পৰিচয় নামৰ অসমীয়া এখন ছুটি ছবিৰ মুক্তি দিয়া হয় (Short film released in Jamugurihat)৷ জামুগুৰিহাটৰ যুৱ নাট্য শিল্পী পদ্ম বনিয়াৰ কাহিনী,পৰিচালনাৰে নিৰ্মিত ছুটি ছবিখনি বুধবাৰে সন্ধ্যা আনুষ্ঠাভাৱে দৰ্শক ৰাইজৰ বাৱে মুকলি কৰি দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই(Short film “Parichay released” in Jamugurihat) ৷

ছবি খনৰ আনুষ্ঠানিক শুভ উদ্ধোধন কৰি বিধায়ক পদ্ম হাজৰিকাই কয় যে -জামুগুৰিহাট সাহিত্য সংস্কৃতিৰে চহকী ঠাই ৷ বাৰেচহৰীয়া ভাওনা খ্যাত জামুগুৰিহাটৰ পৰা এচাম যুৱক-যুৱতীয়ে নাট্য চৰ্চাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক জীপাল কৰি আহিছে ৷ এইয়া তাৰেই প্ৰতিফলন বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ আধাঘণ্টীয়া ছুটি ছবিখনৰ মনোগ্ৰাহী কাহিনীয়ে দৰ্শক ৰাইজক আপ্লুত কৰে ৷

লগতে পঢ়ক : Siddique Ismail Death : চলমান খান অভিনীত ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক চিদ্দিকীৰ দেহাৱসান