Local, Vocal, Global

শিৱসাগৰত আছু আৰু বীৰ লাচিত সেনাৰ প্ৰতিবাদ

শিৱসাগৰত আছুৰ প্ৰতিবাদ ৷ অত্যাধিক মূল্যবৃদ্ধি আৰু অনুমতিবিহীন উদ্যোগ স্থাপনৰ বাৱে কেবিনেটৰ নতুন ভূমি আইনৰ বিৰোধীতাৰে আছুৰ এই প্ৰতিবাদ ৷ ৰাজ্যত পেট্ৰ’ল ডিজেলৰ লগতে বজাৰত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি শিৱসাগৰ নগৰৰ মাজ মজিয়াৰ দ’লমুখ চাৰিআলিত দাহ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগানমন্ত্ৰী ফনীভূষন চৌধুৰীৰ প্ৰতিকৃতি ৷ লগতে অনুমতিবিহীন উদ্যোগ স্থাপনৰ বাবে কেবিনেটৰ নতুন ভূমিৰ আইনৰ সিদ্ধান্তৰ বিৰুদ্ধেও গৰজি উঠে আছু ৷ আছুৰ কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদস্থলীতে দাহ কৰে কেবিনেটত উত্থাপন হব লগীয়া নতুন ভূমি আইনৰ প্ৰতিলিপি ৷ সমান্তৰালকৈ আজি এই নতুন ভূমি আইনৰ বিৰোধীতাৰে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ নগৰৰ মাজ মজিয়াৰ কে পি এম চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে দাহ কৰে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লগতে বানিজ্য আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি ৷ প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতেই বীৰ লাচিত সেনাৰ সদস্য সকলক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে ৷