Local, Vocal, Global

বক্সিঙৰ ৰিঙত নহয় এইবাৰ খেতিপথাৰত লাভলীনা

বক্সিঙৰ ৰিঙত নহয় এইবাৰ খেতিপথাৰত  নিজৰ পাৰদৰ্শিতা দেখুৱাইছে এগৰাকী বক্সাৰে । আহাৰৰ পথাৰত পিতৃৰ সৈতে কৃষিকৰ্মত ব্যস্ত আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাই ।  উল্লেখ্য যে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া যুৱতী লাভলীনা বৰগোঁহায়ে সম্প্ৰতি নিজৰ ঘৰতে থাকি কঠোৰ অনুশীলন অব্যাহত থকাৰ লগতে ঘৰুৱা কৰ্মতো নিজকে ব্যস্ত ৰাখিছে  ৷ লকডাউনৰ পূৰ্বে জৰ্ডানত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভাৰতলৈ উভতাৰ পিছত সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ লোৱা কৰ’না ভাইৰাছৰ আতংকৰ বাবে সম্প্ৰতি ঘৰতে আছে বক্সাৰগৰাকী ৷