Local, Vocal, Global

আশংকাত পৰিহে পেট্র’ল ডিজেলৰ আবকাৰী শুল্ক হ্রাস চৰকাৰৰ

ইন্ধনৰ মূল্যবৃদ্ধিত ত্রাহি মধুসূদন সোঁৱৰা দেশবাসীক কিছু সকাহ দিবলৈ কালি কেন্দ্রীয় চৰকাৰে পেট্র’ল আৰু ডিজেলৰ ওপৰত থকা আবকাৰী শুল্ক ক্রমে ৫ আৰু ১০ টকাকৈ হ্রাস কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আজি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈছে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী ভদ্রা ৷ নেত্রীগৰাকীয়ে ছ’চিয়েল মিডিয়া টুইটাৰযোগে উল্লেখ কৰিছে যে জনসাধাৰণক সকাহ দিবলৈ অন্তৰৰ পৰা এই সিদ্ধান্ত লোৱা নাই চৰকাৰে ৷ আগন্তুক বিধানসভা নির্বাচনৰ দিশটো নজৰত ৰাখি এই সিদ্ধান্ত লৈছে চৰকাৰে ৷

নেত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কেন্দ্রৰ মোদী চৰকাৰে ইতিমধ্যে শংকিত হৈ পৰিছে ৷ গতিকে বিধানসভা নির্বাচনত চৰম পৰাজয়ৰ সন্মুখীন হ’ব বুলি আশংকা কৰিয়েই পেট্র’ল–ডিজেলৰ আবকাৰী শুল্ক হ্রাস কৰা বুলি উল্লেখ কৰিছে প্রিয়ংকাই ৷ নেত্রীগৰাকীৰ মতে, মোদী চৰকাৰে যি সিদ্ধান্তই গ্রহণ নকৰক, আগন্তুক পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপিক যোগ্য প্রত্যুত্তৰ দিব জনসাধাৰণে ৷