১৮ মহলীয়া প্রাসাদত ২,২৪৩টা ফ্লেট
এক বিশাল দৈত্যৰ দৰে এটা প্রাসাদ ৷ গগনচুম্বী এই প্রাসাদক জিকমিকাই ৰাখিছে প্রতি মুহূর্ততে নিয়ন লাইটে ৷ দেখিলেই এনে লাগে যেন ইয়াৰ গাতে লাগি থকা অসংখ্য খলপা–খলপ ল’নে অট্টালিকাটোক নিমিষতে ধূলিৰ সৈতে মিহলি কৰি দিব ৷ ১৮ মহলীয়া এই প্রাসাদত আছে ২,২৪৩টা ফ্লেট৷ অন্ততঃ দহ হাজাৰ মানুহে বাস কৰে এই প্রাসাদটোত ৷ হংকঙৰ কোৱাৰী বেৰ ইয়ায়ু মান ষ্ট্রীটত বহু স্থানজুৰি বিয়পি আছে এই প্রাসাদটো ৷ পথৰ দুইৰ পৰা ৩২নং পৰিয়াললৈ এই প্রাসাদৰ দখল৷ সাধাৰণতে জনা যায় মনষ্টাৰ (monster) বিল্ডিং হিচাপে ৷ দৈত্যৰ দৰে চেহেৰাৰ বাবে নামো দৈত্য ৷
অৱশ্যে এই প্রাসাদৰ সৈতে ভূত–প্রেত, দৈত্য–দানৱৰ কোনো সম্পর্ক নাই ৷ অৱশ্যে সঘনে চলচ্চিত্রৰ শ্বুটিং হৈছে ইয়াত৷ দুখন কল্পবিজ্ঞানৰ ছবি ‘ঘোষ্ট ইন দ্য চেল’ আৰু ‘ট্রেন্সফর্মাছ : এজ অৱ এক্সটিনছন’ৰ দৃশ্যায়ন হৈছিল এই মনষ্টাৰ বিল্ডিঙত ৷ ৰহস্যময় পৰিৱেশৰ বাবেই এই প্রাসাদটো জনসাধাৰণৰ বাবেও ৰহস্যজনক ৷ লক্ষণীয়ভাৱে পর্যটকসকলো ইয়াৰ বাবে আকর্ষক ৷ ষাঠিৰ দশকৰ এই প্রাসাদটোত দহ হাজাৰ লোকে বাস কৰে যদিও হংকঙত ইয়াৰ কোনো পঞ্জীয়ন নম্বৰ নাই ৷ গতিকে চাৰিওদিশৰ পৰা পৃথিৱীজুৰি ৰহস্যৰ বার্তা প্রেৰণ কৰি আছে মনষ্টাৰ বিল্ডিঙে ৷