Local, Vocal, Global

ব্রিটিছ জ্যোতির্বিজ্ঞানীয়ে ধৰা পেলালে ধূমকেতুৰ বিস্ফোৰণৰ দৃশ্য

ধূমকেতুৰ বিস্ফোৰণক লৈ সৃষ্টি হৈছে জ্যোতির্বিজ্ঞানীসকলৰ মাজত কৌতূহল ৷ হঠাতে যেন আগ্ণেয়গিৰিৰ দৰে মহাকাশত সৃষ্টি হৈছে উত্তপ্ত লাভাৰ উদ্গীৰণ ৷ এনে এক ধূমকেতুৰ বিস্ফোৰণৰ প্রথম সন্ধান পাইছে বিজ্ঞানীসকলে ৷ যোৱা শতিকাৰ নব্বৈৰ দশকত দেখিবলৈ পোৱা হেল–বপ ধূমকেতুৰ দৰে উজ্জ্বল এই নতুন ধূমকেতুৰ বিস্ফোৰণ ৷ ১৯২৭ চনত আৱিষ্কাৰ হ’লেও ইয়াৰ উজ্জ্বল আভা বিজ্ঞানীসকলে কেতিয়াও দেখা পোৱা নাছিল ৷

পৃথিৱীৰ আকাশত এই উজ্জ্বল আভা বিয়পাই দিয়া নাছিল ধূমকেতুটোৱে ৷ ধূমকেতুৰ নাম ‘কমেট ২৯–পি’৷ সূর্যক প্রদক্ষিণ কৰি আছে এই ধূমকেতুৱে দূৰ কক্ষপথৰ পৰা ৷ শনি আৰু বৃহস্পতিৰ মাজত ইয়াৰ অৱস্থান ৷ ব্রিটিছ এষ্ট্রোনমিকেল এছ’চিয়েচনৰ মতে, ২৫ ছেপ্ঢেম্বৰৰ পৰা এই ধূমকেতুৰ পৃষ্ঠত সংঘটিত হৈছে ৰহস্যজনক বিস্ফোৰণ ৷ টেলিস্কোপত ধৰা পৰিছে ইয়াৰ বিস্ফোৰণৰ দৃশ্য ৷