Local, Vocal, Global

কৃষকৰ প্ৰতিবাদলৈ সমর্থন প্ৰিয়ংকা চোপ্ৰাৰ

বিতৰ্কিত কৃষি আইনৰ বিৰোধিতাৰে দিল্লীত চলি থকা কৃষকৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন জনাই টুইট কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। দিলজিৎ দোছাঞ্জৰ এটা টুইট ৰি-টুইট কৰি প্ৰিয়ংকাই লিখিলে- কৃষকসকল হ’ল আমাৰ অন্ন সৈনিক। তেওঁলোকৰ ভয়ৰ অন্ত পেলোৱাটো প্ৰয়োজনীয়। তেওঁলোকৰ প্ৰত্যাশা পূৰণ হোৱাটো জৰুৰী। এই বিতৰ্ক সোনকালে সমাপ্ত কৰাটো গণতান্ত্ৰিক দেশ হিচাপে আমাৰ দায়িত্ব। গায়ক দিলজিৎ দোছাঞ্জে মুকলিকৈ কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি আহিছে। শেহতীয়াকৈ দিলজিতে নিজেই সিংঘু সীমান্তত উপস্থিত হৈ কৃষকসকলৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াই কৈছে যে প্ৰতিবাদী কৃষকসকলৰ ভৱিষ্যতৰ কেইবাটাও প্ৰজন্মই মনত ৰাখিব।