Local, Vocal, Global

নিজ কন্যাক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ গুৱাহাটীৰ কলেজৰ অধ্যক্ষ

গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীত থকা BRM আইন মহাবিদ্যালয়ৰ অধ্যক্ষ আশুতোষ কুণ্ডুক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰান্সে। অধ্যক্ষ কুণ্ডুৰ বিৰুদ্ধে নিজৰ জীয়ৰীয়ে তুলিছিল যৌন নিৰ্যাতনৰ অভিযোগ। এই লৈ পাণবজাৰ মহিলা আৰক্ষী থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত দেওবাৰে নিশা অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। দীৰ্ঘদিন ধৰি নিজৰ কন্যাৰ ওপৰত অধ্যক্ষ পিতৃ আশুতোষ কুণ্ডুৱে শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। কন্যাৰ অভিযোগৰ পিছৰে পৰা পলাই আছিল আশুতোষ কুণ্ডু। অৱশেষত আৰক্ষীয়ে ৰিহাবাৰীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুণ্ডুক। BRM আইন মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপেও তেওঁৰ বিৰুদ্ধে আছে একাধিক অভিযোগ। অবৈধভাৱে অধ্যক্ষৰ পদ দখল, মহাবিদ্যালয়খনৰ ধন আত্মসাৎ আদি অভিযোগ উঠি আহিছিল আশুতোষ কুণ্ডুৰ বিৰুদ্ধে।