Local, Vocal, Global

দাম হ্ৰাস পাব ক’ভাক্সিন আৰু ক’ভিডশ্বিল্ড বুষ্টাৰ ড’জৰ মূল্য

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ যিসকল লোকে ভেকচিনৰ দ্বিতীয়টো ড’জ লোৱাৰ ন মাহ অতিক্ৰম কৰিছে তেওঁলোক বুষ্টাৰ ড’জৰ বাবে যোগ্য হ’ব।

১০ এপ্ৰিলৰ পৰা দেশত জ্যেষ্ঠ ব্যক্তিসকলক বুষ্টাৰ ড’জ দিয়া কাৰ্যসূচী আৰম্ভ হ’ব। এই কাৰ্যসূচী ব্যক্তিগত হাস্পতালত চলিব বুলি স্বাস্থ্য বিভাগে জনাইছে।

এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে ক’ভিশ্বিল্ড আৰু ক’ভাক্সিন বুষ্টাৰ ড’জৰ দাম অভাৱনীয় হাৰত কমোৱা হৈছে।

পূৰ্বে ক’ভিশ্বিল্ডৰ বুষ্টাৰ ড’জৰ দাম আছিল ৬০০ টকা আৰু এতিয়া এই দাম হ্ৰাস কৰি ২২৫ টকা কৰা হৈছে।

ইয়াৰ উপৰি ক’ভাক্সিনৰ ড’জো ২২৫ টকালৈ হ্ৰাস কৰা হৈছে। ইয়াৰ পূৰ্বে ক’ভাক্সিনৰ বুষ্টাৰ ড’জৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১২০০ টকা।