Local, Vocal, Global

বজালীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

নিউজ ডেস্ক, ৯ এপ্ৰিলঃ বজালীত ভৱানীপুৰ আৰক্ষীৰ বৃহৎ সাফল্য। ভৱানীপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা(cannabist) জব্দ কৰে।

মেঘালয়ৰ বৰাপানীৰ পৰা লৈ অনা এখন বৃহৎ ট্ৰাকৰ পৰা বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰা হয়। গাঞ্জা কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ DN 09U 9048। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ১২৩ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। লগতে আৰক্ষীয়ে ট্ৰাকখনৰ পৰা চালকদ্বয় চামিম আনচাৰী আৰু প্ৰমোদ কুমাৰ যাদৱক গ্ৰেপ্তাৰ(arrest) কৰে।

জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ১২ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। চালক দুজনে উক্ত গাঞ্জাখিনি বিহাৰৰ বিভিন্ন স্থানত বিক্ৰীৰ বাবে নিয়াৰ যো-জা কৰিছিল বুলি জানিবলৈ দিয়ে।

ট্ৰাকখনৰ কণ্টেইনাৰ খন খালী আছিল যদিও ধৃত গাঞ্জা সৰবৰাহকাৰী কেইটাই চালকৰ আসনৰ ওপৰত অভিনৱ কৌশলেৰে বন্ধ কৰি উক্ত গাঞ্জাখিনি সৰবৰাহ কৰা হৈছিল।