Local, Vocal, Global

ৰাজ্যত পুনৰ এনকাউণ্টাৰ ঘটনা, আৰক্ষীৰ গুলীত নিহত গৰুৰ চোৰাং বেপাৰী

নিউজ ডেস্ক, ১০এপ্ৰিলঃ ৰাজ্যত সংঘটিত হৈছে পুনৰবাৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত পুৱতি নিশা সংঘটিত এনকাউণ্টাৰত এজন চোৰাং গৰু সৰবৰাহকাৰী নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে ধুবুৰী জিলাত ।

নিহত গৰু ব্যৱসায়ীজন ছাকান আলী বুলি চিনাক্ত কৰা হৈছে। আনহাতে আৰক্ষীৰ গুলীত আহত হোৱা গৰু বেপাৰী নাছিৰ আলীক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে আৰক্ষীয়ে ছহিদুল আলী নামৰ আন এজন গৰু বেপাৰীক আটক কৰিবলৈয়ো সক্ষম হয়।

জানিব পৰা মতে, এ এছ ১৭ ই- ০৮৩৭ নম্বৰৰ এখন টাটা ইণ্ডিগ’ বাহনত চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ কথা জানিব পাৰিছিল আৰক্ষীয়ে।

ইয়াৰ পিছতে অভিযান চলোৱাত সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে গাড়ীখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে।

আৰক্ষীৰ গুলীত ইণ্ডিগ’ বাহনখন থকা সৰকা হোৱা জানিব পৰা যায়। তদুপৰি আক্ষীৰ গুলীত এটা গৰুৰো মৃত্যু হয়।