ৰাষ্ট্ৰপতি কোবিন্দে ভাৰ্চুৱেল যুগে মুকলি কৰিব লাচিত বৰফুকন মৈদাম উন্নয়ণ প্ৰকল্প

নিউজ ডেস্ক, ২৫ ফ্ৰেব্ৰুৱাৰীঃ তিনিদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ল দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। পুৱাই গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।
বিয়লি ৫.৩০ বজাত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে কলাক্ষেত্ৰত আয়োজিত এখন সভাত উপস্থিত থাকিব। এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেলভাৱে যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈদামৰ প্ৰাঙ্গনত ৫০ বিঘা মাটিত লাচিত বৰফুকন মৈদাম উন্নয়ণ প্ৰকল্পৰ শুভ উদ্ধোধন কৰিব।
ইফালে যোৰহাটত জিলা প্ৰশাসনৰ সহযোগত উদ্যোক্তাসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাইজক প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে লাচিত মৈদামৰ প্ৰাঙ্গনত LED স্ক্ৰীণৰ ব্যৱস্থা লগতে সকলো ৰাইজে যাতে ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণ শুনিব পাৰে তাৰবাবে বিশেষ ব্যৱস্থা কৰিছে।