Local, Vocal, Global

এয়া আৰক্ষীৰ অপপ্ৰচাৰ, অইলৰ কৰ্মচাৰী অপহৰণৰ কোনো পৰিকল্পনা নাই- আলফা স্বাধীন

গুৱাহাটী, ২৫ ফ্ৰেব্ৰুৱাৰীঃ “সংযুক্ত মুক্তি বাহিনী স্বাধীন (অসম)” সংগঠণৰ তৰফৰ পৰা ‘অইল ইণ্ডিয়া লিমিটেড’ৰ লগতে সংশ্লিষ্ট মহলক জনোৱা যায় যে, ইংৰাজী ২২ ফ্ৰেব্ৰুৱাৰী ২০২২ তাৰিখে অসম আৰক্ষীৰ তৰফৰ পৰা জাৰি কৰা জাননীৰ অনুসৰি “সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)” সংগঠনে তেনে কোনো পৰিকল্পনা গ্ৰহণ কৰা নাই। অসম আৰক্ষীৰ কেইজনমান উৰ্দ্ধতম কৰ্তৃপক্ষই নিজৰ ক্ষুদ্ৰস্বাৰ্থ পূৰণ বাবে অইল কৰ্তৃপক্ষক শংকিত কৰা অসম আৰক্ষীৰ ই এক উদ্দেশ্য প্ৰণোদিত অপকৌশল। অসম আৰক্ষীৰ এনে অপকৌশলৰ আঁৰত আছে এক বিত্তীয় কেলেংকাৰী কৰিব পৰা সুচল পথ। আলফা (স্বাধীন)য়ে অইলৰ বিষয়া কৰ্মচাৰীক অপহৰণ কৰিব বুলি ভয়-ভীত প্ৰদৰ্শেনেৰে নিজৰ পৰিসৰ বহল কৰাৰ লগতে সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে।
       উল্লেখ্য যে, অইল প্ৰতিষ্ঠানসমূহত নিয়োজিত প্ৰতিগৰাকী প্ৰহৰীৰ বিপৰীতে অইল কৰ্তৃপক্ষই প্ৰায় সত্তৰ হাজাৰোধিক টকা আদায় দিয়ে সঁচা, কিন্তু অসম আৰক্ষীৰ তৰফৰ পৰা প্ৰায় ত্ৰিশ হাজাৰমান টকাহে প্ৰতিগৰাকী প্ৰহৰীলৈ দৰমহা হিচাপে মুকলি কৰি দিয়
      অসম আৰক্ষীৰ এই সংশয়ভৰা জাননীৰ পিছত যদি অইলে নিজৰ উৎপাদনস্থলী আৰু কাৰ্যালয় সমূহত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰে তেন্তে অসম আৰক্ষীৰ কেইজনমান উৰ্দ্ধতম কৰ্তৃপক্ষই তথা আৰক্ষীৰ সংশ্লিষ্ট বিভাগে অইলৰ পৰা এক মোটা অংকৰ ধন আত্মসাৎ আৰু দুৰ্নীতি কৰিবলৈ এক সুগম পথ প্ৰশস্ত হ’ব।
         অসম আৰক্ষীয়ে জনা উচিত যে, অইলৰ বিষয়া- কৰ্মচাৰীক বন্দী কৰিবলৈ আলফা (স্বাধীন) সংগঠনে অইলৰ নিৰাপত্তাৰক্ষীৰ সংখ্যাৰ ওপৰত বিচাৰ নকৰে। এইকথা তথাকথিত ভাৰত চৰকাৰ, অসম চৰকাৰ তথা অসমৰ গৃহবিভাগ ভালদৰে অভিজ্ঞ। আমি অইল ইণ্ডিয়া আৰু অ’এন জিচি কৰ্তৃপক্ষক অৱগত কৰাও যে, অইল ইণ্ডিয়া আৰু অ’এনজিচি প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সৈতে “সংযুক্ত মুক্তি বাহিনী,অসম স্বাধীন”ৰ সংগঠনৰ কোনো ধৰণৰ শক্ৰতা নাই আৰু অসম আৰক্ষীৰ সৈতেও নাছিল। কিন্তু শেহতীয়াকৈ দেখা গৈছে যে, অসম আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষই অসম আৰক্ষী বাহিনীক পৈতৃক সম্পত্তি ৰূপে জ্ঞান কৰি বাহিনীত কৰ্মৰত আৰক্ষীসকলক অসৎভাৱে প্ৰৰোচিত কৰি “সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন)”ৰ বিৰুদ্ধে থিয় কৰোৱা তথা অসমৰ জনগণৰ ওচৰত আমাক হেয় প্ৰতিপন্ন কৰোৱাৰ ষড়যন্ত্ৰ প্ৰতিপন্ন কৰোৱাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি “সংযুক্ত মুক্তি বাহিনী  অসম (স্বাধীন)” সংগঠনে শেষ সকিয়নী প্ৰদান কৰিছো যাতে অনাগত দিনত অসম আৰক্ষীয়ে অইল আৰু অ’এনজিচিৰ কৰ্মচাৰীৰ সন্দৰ্ভত এনেধৰণৰ ভয়-ভীতিৰ ভুৱা বাতৰি প্ৰকাশ আৰু সংগঠনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ পৰা বিৰত থাকক। অন্যথা আমি সঁচাকৈয়ে তেনে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ম আৰু ইয়াৰ বাবে অসম আৰক্ষীয়ে দায়ী হ’ব লাগিব।

ReplyForward