Local, Vocal, Global

সহপাঠীৰ ব্লেকমেইলত সপ্তম মান শ্ৰেণীৰ কিশোৰীয়ে জন্ম দিলে সন্তান

এজনী নাবালিকা কিশোৰীয়ে জন্ম দিলে সন্তান । আপুনি জানিলে আচৰিত হব সপ্তম মান শ্ৰেণীত পঢ়ি থাকোতে গৰ্ভৱতী হল কিশোৰী ।
পশ্চিম বংগৰ ১৩ বছৰীয়া কিশোৰীয়ে জন্ম দিলে সন্তান । নিজৰ সহপাঠীৰ লগত আছিল অবৈধ সম্পৰ্ক । জানিব পৰা মতে সহপাঠী লৰাজনে ব্লেকমেইল কৰি কিশোৰীৰ লগত গঢ়িছিল এই অবৈধ সম্পৰ্ক ।

পশ্চিম বংগৰ থানতলা আৰক্ষী চকীৰ তদন্তত পোহৰলৈ আহিল এই কথা । ইতিমধ্যে কিশোৰী গৰাকীৰ পৰিয়ালে থানাৰ এজাহৰ দিয়াৰ লগতে আৰু কয় যে মোবাইল ফটো তুলি ব্লেকমেইল কৰি এনেকুৱা কাণ্ড কৰে বুলি অভিযোগ তুলিছে । থানতলা আৰক্ষীয়ে এতিয়াও এই বিষয়ত তদন্ত অব্যাহত ৰাখিছে