Local, Vocal, Global

অবৈধ মদ ব্যৱসায়ীয়ে সত্ৰনগৰী বৰপেটাৰ সামাজিক পৰিবেশ কলুষিত কৰি তুলিছে

সত্ৰনগৰী বৰপেটাৰ সামাজিক পৰিবেশ কলুষিত কৰি তুলিছে অবৈধ মদ ব্যৱসায়ীয়ে ৷ অবৈধ মদ ব্যৱসায়ীৰ বিৰুদ্ধে দোকমোকালিতে বৰপেটা চহৰত আৰক্ষীৰ অভিযান ৷ বৰপেটাৰ গান্ধীনগৰৰ পৰা বৃহৎ পৰিমানৰ আইএমএলএফ আৰু চুলাই জব্দ ৷ বৰপেটাৰ উপ ঈৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত বৰপেটা আৰক্ষীয়ে গান্ধীনগৰৰ মনোৰঞ্জন দাসৰ ঘৰত অভিযান চলাই জব্দ কৰে সুৰাসমুহ ৷

অবশ্যে সুৰা ব্যৱসায়ৰ সৈতে জৰিত কোনো লোককে আটক কৰিব নোৱাৰিলে আৰক্ষীয়ে ৷ সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত অবৈধ সুৰা ব্যৱসায়ীয়ে সামাজিক পৰিবেশ কলুষিত কৰি তোলাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে বৰপেটা আৰক্ষীয়ে ৷

অবশ্যে সুৰামুক্ত অঞ্চল হিচাপে ঘোষিত সত্ৰনগৰী বৰপেটাত অব্যাহত থকা অবৈধ সুৰাৰ ব্যৱসায় বন্ধৰ ক্ষেত্ৰত বৰপেটাৰ আবকাৰী বিভাগ ব্যৰ্থ হোৱাৰ লগতে অবৈধ সুৰা ব্যৱসায়ীৰ পৰা মাহেকীয়াভাৱে ধন সংগিৰহ কৰি অহা বুলি বৰপেটাৰ দল সংগঠনসমুহৰ লগতে চহৰবাসীয়ে অভিযোগ উত্থাপন কৰি আহিছে ৷