Local, Vocal, Global

সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। এই কথা সদৰি কৰিছে ডাউনটাউন হাস্পতাল কৰ্তৃপক্ষই।চিকিৎসকৰ এটা দলে প্ৰতিমুহূৰ্ততে নিৰীক্ষণত ৰাখিছে তেওঁক। বৰ্তমান ICU ত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক। বৰ্তমান তেওঁ ভগৱানৰ কৃপাত ভালে-কুশলে আছে আৰু অতি সোনকালে তেওঁ সুস্থ হৈ উঠিব বুলি ডাউনটাউন চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালো চিকিৎসালয়ত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ।শনিবাৰে অগপৰ সভাপতি অতুল বৰাৰ লগতে আন কেবাগৰাকী নেতাই তেখেতক সাক্ষাৎ কৰিবলৈ যায় যদিও চিকিৎসকৰ অনুমতি লাভ নকৰাৰ বাবে তেওঁলোকে কৰ্তৃপক্ষৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ খবৰ লৈ উভতি আহে।