Local, Vocal, Global

খহনীয়াত সৰ্বস্বান্ত হৈ অৱশেষত ৰাজপথত প্ৰতিবাদ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ খহনীয়াত সৰ্বস্বান্ত হোৱা ৰাইজৰ।ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থাৰ দাবীত ৰাইজে উত্তাল কৰে ৰাজপথ। জিঅ’ বেগ, পাৰ্কোপাইন, বাহৰ জেং পেলাই লুণ্ঠন কৰাৰ বিপৰীতে স্থায়ী প্ৰতিৰোধ ব্যৱস্থাৰ দাবীত ৰাইজে উত্তাল কৰে ৰাজপথ।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়াত প্ৰতি বছৰে নিচিহ্ন হৈছে ভূৰাগাঁও ৰাজহ চক্ৰত ইখনৰ পাছত সিখন গাঁও। চলিত বৰ্ষতো বহু পৰিয়ালে হেৰুৱাইছে ঘৰ-ভেটি-মাটি। লুইতত জাহ গৈছে স্কুল, নামঘৰ, মছজিদ লগতে বিভিন্ন অনুস্থান। উপায়ন্তৰ হৈ খহনীয়াত সৰ্বস্বান্ত ৰাইজে ৰাজপথত ওলাই আহিবলৈ বাধ্য হয়।