Local, Vocal, Global

বানৰ পিছত খেতি পথাৰত পোকৰ তাণ্ডৱ

বাৰিষাৰ ভয়াৱহ বানৰ পিছত এইবাৰ নাৰায়ণপুৰৰ কৃষিভূমিত চলিছে চৰহা পোকৰ তাণ্ডৱ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ দৈশিঙিয়াবড়ি পথাৰত চৰহা পোকৰ আক্ৰমণত ধানখেৰৰ দৰে শুকাই গৈছে বিঘাই বিঘাই সেউজীয়া শালি ধানৰ খেতি । কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ অকৰ্মন্যতাৰ ফল ভুগিছে কৃষক ৰাইজে। অনাকাংক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি মুৰে-কপালে হাত দিছে অঞ্চলটোৰ দুৰ্ভগীয়া কৃষকসকলে। ইমানৰ পিছতো খবৰ লবলৈ আহৰি নাই মন্ত্ৰী অতুল বৰাৰ নেতৃত্বধীন কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰীৰ।

বিগত বাৰিষা অঞ্চলটোৰ কাষেৰে বৈ যোৱা পিছলা নদীৰ বানে সকলো তচনচ কৰি থৈ যোৱাৰ পিছত কষ্ট কৰি কঁঠীয়া বিচাৰি আনি ভূই ৰুইছিল যদিও শেহতীয়াকৈ চৰহা পোকে তাণ্ডৱ চলোৱাত সংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষক ৰাইজ। ৰাইজে কৃষি বিভাগৰ লোকে অঞ্চলটো পৰিদৰ্শন কৰি যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ দাৱী জনাইছে।