Local, Vocal, Global

SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ পুনৰ নতুন মোৰ

SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ পুনৰ নতুন মোৰ৷ প্ৰতিমুহূর্ততে ৰূপ সলাইছে প্ৰশ্নকাকত ফাদিলৰ ঘটনাই৷ এইবাৰ অসম আৰক্ষী নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষৰ পৰা পদত্যাগ কৰিলে প্ৰদীপ কুমাৰে৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যিক নিযুক্তি বৰ্ডৰ পদৰ অধ্যক্ষ প্ৰদীপ কুমাৰে পদত্যাগ কৰা বুলি ঘোষণা৷ প্ৰেছ বিজ্ঞপ্তিত সদ্যঅব্যাহতি লোৱা প্ৰদীপ কুমাৰে উল্লেখ কৰে যে, ‘অসম চৰকাৰে মোৰ ওপৰত ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ দায়িত্ব অর্পন কৰিছিল। সম্পূর্ণ স্বচ্ছতাৰে যাতে নিযুক্তি প্রক্রিয়া সম্পন্ন হয় তাৰবাবে মই সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে দায়িত্ব পালন কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছিলো। কিন্তু এক দুষ্ট চক্ৰৰ ষড়যন্ত্রৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শক পদৰ চাকৰিত বিসংগতি সংঘটিত হ’ল। ইয়াৰ বাবে পৰীক্ষাত অৱতীর্ণ হোৱা প্ৰাৰ্থীসকল আশাহত হােৱাৰ লগতে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হ’ল। মই তাৰবাবে প্রার্থীসকলৰ লগতে তেওলোকৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছো।মোৰ চাকৰি জীৱনৰ সুদীর্ঘ কালছােৱাত মই কোনো দিনে এনে ব্যর্থতাৰ সন্মুখীন হোৱা নাছিলো।’ 

আৰু সূচাৰুৰূপে এই পৰীক্ষা অনুষ্ঠিত কৰাত ব্যর্থ হোৱাত নৈতিক দায়িত্ব স্বীকাৰ কৰি নিযুক্তি ব’র্ডৰ অধ্যক্ষ পদৰ পৰা প্ৰদীপ কুমাৰে অব্যাহতি লয়৷ উল্লেখ্য যে পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগদিনাই ফাদিল হৈছিল বহু প্ৰত্যাশিত আৰক্ষীৰ উপ-পৰিদর্শক পদৰ প্ৰশ্নকাকত৷ হোৱাটছএপ যোগে প্ৰদীপ কুমাৰে আগদিনাই লাভ কৰিছিল প্ৰশ্নকাকত৷ আৰু কার্যালয়ত থকা প্ৰশ্নকাকতৰ অফিচ কপিৰ ছীল খুলি মিলাই চাইছিল প্ৰশ্নকাকতৰ প্ৰতিলিপি৷ আনহাতে প্ৰদীপ কুমাৰেই চিআইডিক গটাই দিছিল পলাতক দ্বিবন ডেকাক৷

প্ৰশ্নকাকত ফাদিল আৰু প্ৰদীপ কুমাৰৰ পদত্যাগৰ পাছতেই সমগ্ৰ ঘটনাৱলী দিছে আন এক নতুন মোৰ৷ ইতিমধ্যে অসম আৰক্ষী আৰু ক্ৰাইম ব্ৰান্সে সমগ্ৰ ঘটনাৱলী সন্দর্ভত অধিক তৎপৰ কৰিছে তদন্ত৷