Local, Vocal, Global

মানকাছৰত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী

মানকাছৰৰ দিয়াৰত সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। মটৰ চাইকেলসহ দুই সৰবৰাহকাৰী আটক কৰে। অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট। আৰক্ষীয়ে আটক কৰা সৰবৰাহ কৰা যুৱক কেইজন ক্ৰমে ইয়াছিন আলী আৰু সাহা আলম। আৰক্ষীয়ে যুৱক কেইজনৰ পৰা জব্দ কৰে এটা মোবাইল ফোন।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা মানকাছৰত চলি আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা। শনিবাৰে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে দুয়োজনকে আটক কৰে।