Local, Vocal, Global

আজি মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

ডিজিটেল ডেস্কঃ-আজি চুবুৰীয়া ৰাজ্য মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।মেঘালয়ত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহত দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।২১.৬ লাখ ভোটাৰেৰে সৰ্বমুঠ ৫৯ খন আসনৰ বাবে সাজু হৈ উঠিছে মেঘালয়ত।দুয়োখন ৰাজ্যৰ ৫৯টাকৈ সমষ্টিত ভোটগ্ৰহণ চলি আছে।মেঘালয়ত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ২১,৭৫,২৩৬জন।এই ২১.৬ লাখ ভোটাৰে নিৰ্ধাৰণ কৰিব ৩৬৯ জন প্ৰাৰ্থীৰ ভৱিষ্যত।কোনে শাসন কৰিব মেঘালয়ত?কি হ’ব মেঘালয়ৰ ভৱিষ্যত?আজি ভোটাৰৰ হাতত মেঘালয়ৰ ভৱিষ্যত।২মাৰ্চত তিনিখন ৰাজ্যৰে হ’ব ভোটগণনা।কোন দলে চৰকাৰ গঠন কৰিব তাৰ প্ৰতি দৃষ্টি নিবদ্ধ এতিয়া সকলোৰে।মেঘালয় ,নাগালেণ্ডত কোন দলে চলাব শাসন?বিগত নিৰ্বাচনত মেঘালয়ত মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ২১ খন আখন লাভ কৰি সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছিল।য’ত বিজেপিয়ে লাভ কৰিছিল মাত্ৰ দুখন আসন।২০১৮ চনত মাত্ৰ দুখন আসন লাভ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে মেঘালয়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব নে নহয় সেৱা স্পষ্ট হ’ব ২ মাৰ্চত।