Local, Vocal, Global

মণিপুৰত ৰাজনৈতিক অস্থিৰতা শেষ? ৰাজ্যসভালৈ বিজেপিৰ লেইচেম্বা

মণিপুৰত যেন ৰাজনৈতিক অভ্যুত্থান ঘটাবলৈ গৈ কাৰ্যক্ষেত্ৰত মুখথেকেছা খালে কংগ্ৰেছে। ৰাজনৈতিক অস্থিৰতাৰ মাজতো শুকুৰবাৰে নিৰ্বাচন অনুষ্ঠিত মণিপুৰৰ ৰাজ্যসভা আসনখনৰ নিৰ্বাচনত শেষ হাঁহি মাৰিলে বিজেপিয়ে। বিজেপি প্ৰাৰ্থী এম ছানজাওবা লেইচেম্বা জয়ী হয় এই আসনখনত। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ পৰিসমাপ্তিত দেখা গ’ল যে কংগ্ৰেছ প্ৰাৰ্থী টি মাঙ্গিবাবু সিঙে পৰাজয় বৰণ কৰিছে। এই ফলাফল ঘোষণাৰ পিছতেই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ দাবী, মণিপুৰত এতিয়া আৰু কোনো ৰাজনৈতিক অস্থিৰতা নাই।