Local, Vocal, Global

ৰাজ্যসভাৰ নিৰ্বাচন, দেশত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৯ আসনৰ ১১খনেই বিজেপিৰ দখলত

  • দেশৰ ৮ ৰাজ্যৰ ১৯খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত ১১খন আসনত জয়ী বিজেপি।
  • ৫খনত কংগ্ৰেছ আৰু ৮খনত অন্যান্য প্ৰাৰ্থীৰ জয়।
  • মুঠ ১০ ৰাজ্যৰ ২৪খন আসনৰ ভিতৰত ২ ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হয়।
  • কৰ্ণাটকৰ ৪ আৰু অৰুণাচলৰ এখন আসনত ৫ প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ।
  • অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থী নৱাম ৰেবীয়া বিজয়ী হোৱাৰ বিপৰীতে মণিপুৰত ৰাজনৈতিক সংকটৰ মাজতো বিজেপিৰ লেইচেনবা চানাজুবা বিজয়ী হয়।
  • মেঘালয়ত এম ডি এৰ প্ৰাৰ্থী তথা এন পি পিৰ নেতা ড০ ৱাই আৰ খাৰলুখী আৰু মিজোৰামত বিজয়ী হয় এম এন এফৰ প্ৰাৰ্থীগৰাকী।
  • ৰাজ্যসভাৰ নৱ নিৰ্বাচিত সাংসদসকলৰ মাজত দিগ্বিজয় সিং,মল্লীকাৰ্জুন খাৰ্গে, এইচ ডি দেৱেগৌৰা, চিবু সোৰেন, জ্যোতিৰাদিত্য সিন্ধিয়া আদি অন্যতম।
  • মধ্যপ্ৰদেশত কৰ’না আক্ৰান্ত এজন কংগ্ৰেছ বিধায়কে এম্বুলেঞ্চত আহি ভোট দিয়াৰ বিপৰীতে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে পিপিই জেকেট পৰিধান কৰি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয়।