Local, Vocal, Global

ৰাজ্য সভাৰ আসনৰ নিৰ্বাচনত বিজেপিৰ জয়যাত্ৰা

  • দেশৰ ৮ ৰাজ্যৰ ১৯খন ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনত ১১খন আসন লাভ বিজেপিৰ।
  •  ৫খনত কংগ্ৰেছ আৰু ৮খনত অন্যান্য প্ৰাৰ্থীৰ জয়।
  • মুঠ ১০ ৰাজ্যৰ ২৪খন আসনৰ ভিতৰত ২ ৰাজ্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হয়।
  • কৰ্ণাটকৰ ৪ আৰু অৰুণাচলৰ এখন আসনত ৫ প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ।
  • অৰুণাচলত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থী নৱাম ৰেবীয়া বিজয়ী হোৱাৰ বিপৰীতে মণিপুৰত ৰাজনৈতিক সংকটৰ মাজতো বিজেপিৰ লেইচেনবা চানাজুবা বিজয়ী হয়।
  • মেঘালয়ত এমডিএৰ প্ৰাৰ্থী তথা এনপিপিৰ নেতা ড০ ৱাই আৰ খাৰলুখী আৰু মিজোৰামত বিজয়ী হয় এম এন এফৰ প্ৰাৰ্থীগৰাকী।
  • ৰাজ্যসভাৰ নৱনিৰ্বাচিত সাংসদসকলৰ মাজত দিগ্বিজয় সিং, মল্লিকার্জুন খাৰ্গে, এইচ ডি দেৱেগৌড়া, শিবু সোৰেন, জ্যোতিৰাদিত্য সিন্ধিয়া আদি অন্যতম৷
  • মধ্যপ্ৰদেশত কৰ’নাত আক্ৰান্ত এজন কংগ্ৰেছ বিধায়কে এম্ৱুলেন্সত আহি ভোট দিয়াৰ বিপৰীতে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপাণীয়ে পিপিই জেকেট পৰিধান কৰি ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷