Local, Vocal, Global

Chirang Encounter: চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ মন্তব্য

নিউজ ডেস্ক, ১৪আগষ্ট : চিৰাঙত আৰক্ষীৰ গুলীত আহত হোৱা চোৰাং চিকাৰীৰ মৃত্যু (Chirang Encounter) । মৃত দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ নাম নৱেশ্বৰ বসুমতাৰী । ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত আৰক্ষীৰ গুলীত আহত হৈছিল নৱেশ্বৰ বসুমতাৰী (Police Encounter in Chirang one poacher died)। দুটাকৈ গঁড় আৰু ৪০টাৰো অধিক হাতী চিকাৰত জড়িত আছিল নৱেশ্বৰ।

উল্লেখ্য দেওবাৰে নিশা উত্তৰ আৰু নমনি অসমত দুটাকৈ এন্টকাউন্টাৰ ঘটনা সংঘটিত হৈছিল ৷ লখিমপুৰ আৰু চিৰাঙত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ চিৰাঙত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত নিহত হ’ল চোৰাং চিকাৰী ৷ চিৰাঙ জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালুকনিত নিশা সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ।

ভূটান সীমান্ত অঞ্চলত ইতিমধ্যেই গঁড় চিকাৰত জড়িত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগ আৰক্ষীয়ে। যোৱানিশা গ্ৰেপ্তাৰ হোৱা গঁড় চিকাৰীকেইটাক লৈ অইন চিকাৰী বিচাৰি অভিযানত যোৱা দলটোৰ ওপৰত আক্ৰমণ হোৱাত ৰফিকুল ইছলাম নামৰ আৰক্ষীৰ এজন লোক আহত হোৱাৰ লগতে এজন চিকাৰী এনকাউণ্টাৰত আহত হয় । হাস্পতালত চোৰাং চিকাৰীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে সংঘটিত হোৱা এনকাউন্টাৰ সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই তথ্য প্ৰকাশ কৰে ৷ এনকাউন্টাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকে গৰাকীয়ে কয় যে , ‘‘বিগত কেইদিন মান পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ তথ্য লাভ কৰিছিলো ৷ তাৰ পিছতে চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষী, এছ এছ বি জোৱান আৰু বন বিভাগৰ লোকে ইয়াৰ বিৰুদ্ধে অভিযান চলাই ৷ শনিবাৰে আৰক্ষীৰ আৰু বনবিভাগৰ এই যুটিয়া অভিযানত আৰক্ষীয়ে আটক কৰে তিনিজনকৈ চোৰাং চিকাৰীক ৷আৰু আটকাধীন লোককেইজনক সোধপোছ কৰে আৰু সোধপোছৰ অন্তত পাচত গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰে চোৰাং চিকাৰীৰ দলটোৱে ৷’’

লগতে আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই কয় যে , ‘‘তেওঁলোকে যোৱা এপ্ৰিল আৰু মে’ মাহত ৭ জনীয়া এটা দলে ৬ দিন ধৰি বাহৰ পাতিছিল ৷ আৰু ৬দিনৰ দিনাই গঁড় হত্যা কৰিছিল আৰু খৰ্গটো কাটি লৈ গৈছিল ৷ তেওঁলোকে খৰ্গটো কাটি লৈ গৈ কেইবাদিনো ৰাখে আৰু তাৰ পিছতত অসমৰ বাহিৰত বিক্ৰি কৰি দিয়ে ৷ সেই চোৰাং চিকাৰীৰ দলটোৰ পৰা ৩ জন লোকক আটক কৰে আৰক্ষীয়ে ৷ এই তিনিজনৰ ভিতৰত ২ জন প্ৰত্যক্ষভাৱে জড়িত আছিল গঁড় হত্যাৰ লগত ৷ আটককাধীন চোৰাং চিকাৰী কেইজনৰ পৰা এটা বন্দুক উদ্ধাৰ কৰে ৷ দেওবাৰে নিশা ৭ জনীয়া দলটোৰ বাকী সদস্যাৰ সন্ধানত তিনিটা দলত বিভিক্ত হৈ যুটিয়া অভিযান চলাইছিল আৰক্ষীয়ে । আৰক্ষীৰ এটা দলে নৱেশ্বৰ বসুমতাৰীক লগত লৈ অভিযান চলাইছিল ৷’’

’’বসুমতাৰীয়ে চোৰাং চিকাৰী দলটোৱে ৫ টা বন্দুক লুকুৱাই থোৱা আছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল ৷ আৰু আৰক্ষীয়ে লুকুৱাই থোৱা বন্দুক উদ্ধাৰ কৰিবলৈ মালিভিটাৰ টকলাই নদীৰ পাৰলৈ লৈ গৈছিল নৱেশ্বৰে ৷ নৱেশ্বৰে লুকুৱাই থোৱা বন্দুক দেখুৱাবলৈ গৈ গছৰ গুৰীত লুকুৱাই ৰখা এখন চোকা অস্ত্ৰৰে জোৱান এজনক আক্ৰমণ কৰে ৷ জোৱান জনেৰ আঘাত হয় আৰু সেয় সময়তে অন্য আৰক্ষীকো আক্ৰমণ কৰে নৱেশ্বৰে ৷ সেয়ে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগীয়া হয় ৷’’

আনহাতে এই এনকাউন্টাৰত নিহত গঁড় চিকাৰী নৱেশ্বৰ বসুমতাৰীৰ ।নৱেশ্বৰ বসুমতাৰীৰ মৃতদেহ কাজলগাঁও জেএচবি চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ লৈ যোৱা হয় ৷ এনকাউন্টাৰৰ পিছতে টিকাৰাম চাম্প্ৰামাৰী নামৰ আন এজন গঁড় চিকাৰীক আৰক্ষী আৰু বন বিভাগে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য মাত্ৰ কেইঘন্টাৰ পূৰ্বে দুটাকৈ গঁড় আৰু ৩০-৪০ টা বন্যহস্তীৰ নিধনৰ লগত জড়িত তিনি চোৰাংচিকাৰীসহ নৱেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আন চোৰাং চিকাৰীৰ সন্ধানত নিশা আৰক্ষীয়ে নৱেশ্বৰ বসুমতাৰীক লগত লৈ অভিযান চলাইছিল বিভিন্ন স্থানত ৷ তেনে সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰীয়ে ৷ নৱেশ্বৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷ গুলীৰ আঘাতত ঢলি পৰে নৱেশ্বৰ ৷ হাবিত ত্ৰাস চলাই শেষত হাবিতেই প্ৰাণ হেৰুৱালে চোৰাং চিকাৰী নৱেশ্বৰক বসুমতাৰীয়ে ৷ আনহাতে চতুৰ্থটো গঁড় চিকাৰীক আৰক্ষীয়ে আটক কৰা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে ৷

নিশা চিৰাঙত হোৱা এনকাউন্টাৰ ঘটনাৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা বিশেষ পোষ্ট কৰে ৷ এটা গঁড়ৰ ফটো আপলোড কৰি ইংৰাজীতে জি পি সিঙে লিখিছে যে, Stay safe, @assampolice is with you.

লগতে পঢ়ক :Chirang Encounter : চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা চোৰাং চিকাৰীৰ মৃত্যু