Local, Vocal, Global

Chirang Encounter : চিৰাঙত আৰক্ষীৰ এনকাউণ্টাৰত আহত হোৱা চোৰাং চিকাৰীৰ মৃত্যু

নিউজ ডেস্ক, ১৪ আগষ্ট : চিৰাঙত আৰক্ষীৰ গুলীত আহত হোৱা চোৰাং চিকাৰীৰ মৃত্যু (Chirang Encounter) । মৃত দুৰ্ধৰ্ষ চোৰাং চিকাৰীটোৰ নাম নৱেশ্বৰ বসুমতাৰী । ভূটান সীমান্তৰ জালুকনিৰ মালেভিটাত আৰক্ষীৰ গুলীত আহত হৈছিল নৱেশ্বৰ বসুমতাৰী (Police Encounter in Chirang one poacher died)। দুটাকৈ গঁড় আৰু ৪০টাৰো অধিক হাতী চিকাৰত জড়িত আছিল নৱেশ্বৰ।

উল্লেখ্য দেওবাৰে নিশা উত্তৰ আৰু নমনি অসমত দুটাকৈ এন্টকাউন্টাৰ ঘটনা সংঘটিত হৈছিল ৷ লখিমপুৰ আৰু চিৰাঙত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ চিৰাঙত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত নিহত হ’ল চোৰাং চিকাৰী ৷ চিৰাঙ জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালুকনিত নিশা সংঘটিত হয় এই এনকাউন্টাৰৰ ঘটনা ।

ভূটান সীমান্ত অঞ্চলত ইতিমধ্যেই গঁড় চিকাৰত জড়িত ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বন বিভাগ আৰক্ষীয়ে। যোৱানিশা গ্ৰেপ্তাৰ হোৱা গঁড় চিকাৰীকেইটাক লৈ অইন চিকাৰী বিচাৰি অভিযানত যোৱা দলটোৰ ওপৰত আক্ৰমণ হোৱাত ৰফিকুল ইছলাম নামৰ আৰক্ষীৰ এজন লোক আহত হোৱাৰ লগতে এজন চিকাৰী এনকাউণ্টাৰত আহত হয় । হাস্পতালত চোৰাং চিকাৰীটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য মাত্ৰ কেইঘন্টাৰ পূৰ্বে দুটাকৈ গঁড় আৰু ৩০-৪০ টা বন্যহস্তীৰ নিধনৰ লগত জড়িত তিনি চোৰাংচিকাৰীসহ নৱেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আন চোৰাং চিকাৰীৰ সন্ধানত নিশা আৰক্ষীয়ে নৱেশ্বৰ বসুমতাৰীক লগত লৈ অভিযান চলাইছিল বিভিন্ন স্থানত ৷ তেনে সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰীয়ে ৷ নৱেশ্বৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷ গুলীৰ আঘাতত ঢলি পৰে নৱেশ্বৰ ৷ হাবিত ত্ৰাস চলাই শেষত হাবিতেই প্ৰাণ হেৰুৱালে চোৰাং চিকাৰী নৱেশ্বৰক বসুমতাৰীয়ে ৷ আনহাতে চতুৰ্থটো গঁড় চিকাৰীক আৰক্ষীয়ে আটক কৰা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে ৷

নিশা চিৰাঙত হোৱা এনকাউন্টাৰ ঘটনাৰ পিছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা বিশেষ পোষ্ট কৰে ৷ এটা গঁড়ৰ ফটো আপলোড কৰি ইংৰাজীতে জি পি সিঙে লিখিছে যে, Stay safe, @assampolice is with you.

লগতে পঢ়ক : Encounter in Lakhimpur and Chirang : বঙালমৰা আৰু চিৰাঙত নিশা আৰক্ষীৰ গুলী চালনা