Local, Vocal, Global

press conference: ছাত্ৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

নিউজ ডেস্ক, ১০ আগষ্ট : বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছিল নিতেশ কুমাৰৰ ৰক্তাক্ত মৃতদেহ ৷ বৰসজাই মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ নিতেশ কুমাৰৰ ঘৰ বেলতলাৰ বনগাঁৱত। নিতেশক স্কুটাৰত উঠাই বোন্দালৈ নিছিল অভিষেকে। তাৰ পিছতে নিতেশৰ পৰিয়ালক মুক্তিপণ দাবী কৰিছিল ৭ লাখ টকা । এই সন্দৰ্ভত নিতেশৰ পিতৃ ৰাজেশ কুমাৰে দাখিল কৰিছিল এজাহাৰ(Tea Shopkeeper killed a Student in Guwahati)। বুধবাৰে দুপৰীয়া উদ্ধাৰ হৈছিল নিতেশৰ মৃতদেহ। হত্যা কৰি জংঘলত পেলাই দিছিল নিতেশৰ মৃতদেহটো । মৃতদেহৰ ওপৰত জাপি দিয়া হৈছিল গছৰ পাত । তাৰ পিছতে পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা ।

এই হত্য়াকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আজি আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই সংবাদমেল সম্বোধন কৰে। হত্যাকাণ্ডৰ লগত জড়িত থকা মূল অভিযুক্ত AG কাৰ্যালয়ৰ কেণ্টিনৰ কৰ্মচাৰী অভিষেক বৰুৱাক আৰক্ষীৰ জেৰাৰ অন্তত আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই বোন্দাৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ।

সংবাদমেলত আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই অভিযুক্ত অভিষেক বৰুৱাৰ নাৰেংগীৰ ভাড়াঘৰত নীতিশ কুমাৰৰ বেগ আৰু ইউনিফৰ্ম পোৱা বুলি সদৰি কৰে। আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে কয় যে, ধনৰ লেনদেনৰ বাবে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। অভিষেক চোকা অস্ত্রৰে ঘপিয়াই হত্যা কৰিছিল নীতিশক।ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা অস্ত্র, স্কুটী জব্দ কৰিছে (police commissioner diganta bora press conference on student murder)।

ইয়াৰোপৰি আৰক্ষী আয়ুক্ত দিগন্ত বৰুৱাই কয় যে, বুধবাৰে অভিষেক বৰুৱাই ফোনযোগে নীতিশ কুমাৰক অপহৰণ কৰাৰ কথা সদৰি কৰি ৭ লাখ টকা মুক্তিপণ দাবী কৰিছিল।অভিযুক্ত অভিষেক বৰুৱাৰে সৈতে নীতেশ কুমাৰৰ আছিল ঘনিষ্ঠ সম্পৰ্ক। ২০১৯ চনৰ পৰাই অনলাইন গেমৰ জৰিয়তে চিনাকী হৈছিল দুয়োৰে । অভিষেকে নীতিশৰ পৰা ৩০ হাজাৰ টকা ধাৰলৈ লৈছিল আৰু সেই টকা এসপ্তাহৰ ভিতৰত দুগুণ কৰি ঘূৰাই দিয়াৰ কথা আছিল(police commissioner diganta bora press conference)।

কেৱল ইমানেই নহয় অভিযুক্ত অভিষেকে বিভিন্ন বন্ধুৰ পৰা টকা ধাৰলৈ লৈ ব্যৱসায়ত বিনিয়োগ কৰিছিল আৰু বন্ধুসকলক ধাৰলৈ লোৱা টকা দুগুণ হাৰত ঘূৰাই দিয়াৰ প্রতিশ্রুতি দিছিল।আনকি তেওঁ পিতৃৰ একাউণ্টৰ পৰাও টকা হৰলুকি কৰিছিল। ১৬ লাখ টকা পিতৃৰ একাউণ্টৰ পৰা অভিযুক্ত অভিষেকে নিজৰ একাউণ্টলৈ ট্রেন্সফাৰ কৰাইছিল। কিন্তু কথা দি কথা ৰাখিবলৈ ব্যৰ্থ হল অভিযুক্ত অভিষেক। ধাৰ লোৱা টকা ঘূৰাই দিব পৰা নাছিলে যাৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হয়(Guwahati Student Murder Case )।

লগতে পঢ়ক :Guwahati Student Murder Case : নিতেশ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে আন এজন লোকৰ