Local, Vocal, Global

Guwahati Student Murder Case : নিতেশ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে আন এজন লোকৰ

নিউজ ডেস্ক, ১০ আগষ্ট : নিতেশ কুমাৰৰ হত্যাকাণ্ডত নাম সাঙোৰ খাইছে আন এজনৰ (Guwahati Student Murder Case)। হাৰ্দিক নামৰ এজন যুৱকৰ নাম সাঙোৰ খাইছে এই ঘটনাত। হাৰ্দিক নিতেশ কুমাৰৰ চুবুৰীয়া। নিতেশৰ হত্যাত হাৰ্দিকো জড়িত থাকিব পাৰে বুলি সন্দেহ পিতৃৰ। হাৰ্দিকে নীতেশৰ জৰিয়তে অভিষেকৰ পৰা ধন লোৱাৰ অভিযোগ নিতেশৰ পিতৃৰ। হাৰ্দিকৰ সৈতে ৯০ হাজাৰ টকাৰ লেনদেন হৈছিল নিতেশৰ। কিন্তু অভিষেকক চিনি নাপাই বুলি উল্লেখ নীতেশৰ পিতৃৰ।

ইফালে, নীতেশে পঢ়া বিদ্যালয়ৰ অধ্যক্ষই এই ঘটনা সন্দৰ্ভত কয়, ‘বিদ্যালয়লৈ সময় অনুসৰি অহা যোৱা কৰিছিল নিতেশে। নিতেশে NCCৰ শিক্ষা গ্ৰহণ কৰি আছিল । প্ৰয়োজনতকৈ কিয় অধিক টকা প্ৰয়োজন হৈছিল সেয়া পৰিয়ালে জানিব । বিদ্যালয়ত তেনে কোনো বিশৃংখল আচৰণ নাছিল নিতেশৰ। পঢ়া-শুনাত সকলো ঠিকেই আছিল।’

উল্লেখ্য বুধবাৰে দিনত দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰা হৈছিল ছাত্ৰজনক । আৰক্ষীয়ে উদ্ধাৰ কৰিছে হত্যাকাণ্ডত ব্যৱহৃত দা । যিখন স্কুটীৰে অভিষেকে নিতেশক লৈ গৈছিল সেই স্কুটীখনো আৰক্ষীয়ে জব্দ কৰিছে। অভিষেকৰ সৈতে যোৱাৰ সময়ত নিতেশে বেগত লৈ গৈছিল কাপোৰ। লগতে যিটো ফোনেৰে ধনদাবী কৰা হৈছিল সেই ফোনটোও জব্দ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক : Guwahati Student Murder Case : গুৱাহাটীত নৱম শ্ৰেণীৰ ছাত্ৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ন ন তথ্য, উদ্ধাৰ হত্যাত ব্যৱহৃত দা