Local, Vocal, Global

PM Modi no-confidence motion speech : সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ,এতিয়ালৈ মণিপুৰ প্ৰসংগত এটাও শব্দ উল্লেখ কৰা নাই প্ৰধানমন্ত্ৰীয়ে

নেশ্যনেল ডেস্ক, ১০আগষ্ট : এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰীয়ে আজি লোকসভাত ভাষণ প্ৰদান কৰে । কেইবাদিনো ধৰি বিৰোধীয়ে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে আজি মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে (PM Modi no-confidence motion speech )।

সংসদত বিৰোধীয়ে উত্থাপন কৰা আনাস্থা প্ৰস্তাৱ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাষণ দিয়ে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আমাৰ চৰকাৰৰ প্ৰতি জনতাই বাৰে বাৰে আস্থা প্ৰদৰ্শন কৰিছে। কিন্তু আনাস্থা প্ৰস্তাৱ বিৰোধীৰহে এছিড টেষ্ট।

লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিৰোধীক উদ্দেশ্য কৰি কয় যে , তেওঁলোকৰ বাবে দেশতকৈ ডাঙৰ দল। দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ চিন্তা নাই তেওঁলোকৰ। ৰাজনৈতিক ভৱিষ্যতক লৈহে চিন্তা তেওঁলোকৰ। লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় য়ে , জনতাৰ ভোকৰ কথা চিন্তা নকৰে বিৰোধীয়ে। বিৰোধীৰ এটাই চিন্তা মাত্ৰ আৰু সেয়া হ’ল ক্ষমতাৰ ভোক। লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিৰোধীক উদ্দেশ্য কৰি কয় যে যাৰ নিজৰে বহি-কিতাপ নাই তেওঁলোকে আমাৰ হিচাপ লয়।

আনহাতে প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে বিৰোধীয়ে বিশ্বাসঘাটক কৰিছে জনতাৰ লগত । লগতে আনাস্থা প্ৰস্তাৱত বিৰোধীক কটাক্ষ কৰে আৰু কয়, সামাজিক মাধ্যমত মই চাইছো আপোনালোকৰ সমৰ্থসকলো দুখী হৈ আছে। এয়া হ’ল আপোনালোকৰ অৱস্থা। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধীক আনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত সাজু হৈ আহিব লাগিছিল বুলিও কটাক্ষ কৰে ।

অৱশ্যে সংসদত ভাষণত এতিয়ালৈ মণিপুৰ ঘটনাৰ সন্দৰ্ভত এটাও শব্দ উল্লেখ কৰা নাই প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

লগতে পঢ়ক :No-confidence motion in Lok Sabha: আজি লোকসভাত অনাস্থা প্ৰস্তাৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে