Local, Vocal, Global

dhemaji girl missing: ধেমাজিত নিৰুদ্দেশ এগৰাকী যুৱতী

ধেমাজি, ১০আগষ্ট : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা ।ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে । এইবাৰ ধেমাজিত যুৱতি নিৰুদ্দেশ ।

ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানা অন্তৰ্গত লালুং তিনিআলিৰ নিৰুদ্দেশ এগৰাকী যুৱতী । জানিব পৰা মতে, বিপুল বৰা নামৰ লোকজনৰ বাসগৃহৰ পৰা সন্ধানহীন হৈছে প্ৰণীতা ফুকন নামৰ (১৮ ) এগৰাকী যুৱতী । জানিব পৰা মতে, চিচিবৰগাওঁ মহাবিদ্যালয়ত স্নাতক মহলাৰ ১ম বৰ্ষৰ ছাত্ৰী আছিল যুৱতীগৰাকী ।

উল্লেখ্য যে যোৱা ৮ আগষ্টৰ পুৱাই মোমায়েক আৰু মামীয়েকৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰিছিল যুৱতীগৰাকীয়ে । তাৰ পিছতেই মোমায়েক আৰু মামীয়েকে অফিচৰ কামত ঘৰৰ পৰা ওলাই গৈছিল আৰু তেতিয়াৰে পৰাই ভাগিনীয়েক প্ৰনীতা ফুকন নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে(dhemaji girl missing) ৷

আনহাতে জানিব পৰা মতে, যুৱতীগৰাকী মোমায়েকৰ ঘৰত আছিল । প্ৰায় পাঁছ বছৰ মান আগৰ পৰাই মোমায়েক-মামীয়েকৰ ঘৰত থাকি প্ৰনীতাই পঢ়া-শুনা কৰি আছিল ৷ যুৱতী গৰাকীৰ ঘৰ নিলখ কৈলাসপুৰত । ইতিমধ্যে ছোৱালীজনী নিৰুদ্দেশ হোৱা খবৰ নিলখ কৈলাসপুৰৰ জন্ম ঘৰখনে জনাৰ পিছত এতিয়া দুয়োখন ঘৰৰ পৰিয়ালৰ মাজতেই হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

ইতিমধ্যে পৰিয়ালৰলোকে চিচিবৰগাওঁ আৰক্ষীৰ থানাত এজেহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে ছোৱালীজনীৰ কোনো সন্ধান উলিয়াব পৰা নাই ৷ উপায়ন্তৰ হৈ বৃহস্পতিবাৰে পুৱাতেই পৰিয়ালৰ লোকে ধেমাজি প্ৰেছ ক্লাবত উপস্থিত হৈ ঘটনাৰ বিষয়ে সাংবাদিকক অৱগত কৰে ৷

পৰিয়ালৰ কাতৰ অনুৰোধ কোনো সদাশয় লোকে ছোৱালীজনীৰ সন্ধান লাভ কৰিলে উল্লেখিত ৮০১১৯৫৯৭৬০, ৬০০৩১১৯৩৮ নাইবা ৬০০৩১১৯৩৮১নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰলোকে ৷

লগতে পঢ়ক :Dead body recovered: ৰাজ্যত পুনৰ উদ্ধাৰ মৃতদে