Local, Vocal, Global

আমেৰিকাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি ভাঙিলে প্ৰতিবাদকাৰীয়ে

ভাৰতত চলি থকা কৃষক আন্দোলনৰ সমৰ্থনত একাংশ প্রবাসী ভাৰতীয়ই ৱাশ্বিংটন ডিচিত থকা ভাৰতীয় দূতাবাসৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰাৰ সময়তে এটা প্ৰতিবাদকাৰীয়ে আমেৰিকাত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি শনিবাৰে ভঙাৰ আভিযোগ উঠিছে। শনিবাৰে দূতাবাসৰ সন্মুখত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে। চৰকাৰীভাৱে দূতাবাসৰ তৰফৰ পৰা কোৱা হৈছে, ১২ ডিচেম্বৰত খালিস্তানী সমর্থকসকলে গান্ধী মেম’ৰিয়েল প্লাজাৰ সন্মুখত গান্ধী মূৰ্তিত ভঙা-ছিঙা কৰে। দূতাবাসে কঠোৰ ভাষাৰে এই ঘটনাক গৰিহণা দিছে। সমগ্র বিশ্বতে শান্তি আৰু ন্যায় বিচাৰৰ প্ৰতীকৰূপে সন্মানিত মহাত্মা গান্ধীৰ মূর্তি ভঙাৰ ঘটনাত খালিস্তানী সমর্থকসকল জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।