Local, Vocal, Global

কেনেদৰে লাভ কৰিব চৰকাৰে প্ৰদান কৰা ১৫ লাখ টকা ?

কৃষকসকললৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ উপহাৰ । কৃষকসকলে পাব ১৫ লাখকৈ টকা। নতুন কৃষি বিধেয়ক অনাৰ পৰিপ্ৰেক্ষিতত কৃষকসকললৈ এই উপহাৰ কেন্দ্ৰৰ। পিছে কেনেদৰে লাভ কৰিব এই ১৫ লাখ টকা।

চৰকাৰে আৰম্ভ কৰা PM Kisan FPO Yojana আঁচনিৰ অধীনত ফাৰ্ম উৎপাদক সংগঠনক প্ৰদান কৰিব ১৫ লাখ টকা । এই ধন লাভ কৰিবলৈ ১১ জন কৃষকে এক সংগঠন গঠন কৰিব লাগিব।

অৱশ্যে বৰ্তমানলৈকে চৰকাৰে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা নাই আঁচনিখনৰ বাবে । পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হ’লেই কৃষকসকলে আবেদন কৰিব পাৰিব এই ধনৰাশিৰ বাবে ।