বেলপাতৰ পৰা ৰোগ উপশমৰ কিছু ঘৰুৱা উপায়

বেলপাতৰ লাভালাভ
সচৰাচৰ আমাৰ পূজাসমূহত ব্যৱহাৰ কৰা হয় বেলপাত। পিছে বেলপাতক বিভিন্ন ৰোগ দূৰ কৰিবলৈ ঘৰুৱা প্ৰতিকাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰি ।
১/ বেলপাতে ৰক্তহীনতা নিৰাময়ত সহায় কৰে। প্ৰায় সকলো মহিলাৰ ক্ষেত্ৰতে ৰক্তহীনতাৰ সমস্যা থকা দেখা যায় । এনে মহিলাসকলে বেলপাতৰ ৰস সেৱন কৰিব লাগে । ইয়াৰ ফলত তেজ বৃদ্ধি হয় । দৈনিক ৫টাকৈ বেলপাত খাব পাৰে এনে ৰোগত ভুগি থকাসকলে ।
২/ ছালৰ খজুৱতিৰ ক্ষেত্ৰতো বেলপাতে বিশেষভাৱে সহায় কৰে।
বেলপাতৰ ব্যৱহাৰে ছালৰ সমস্যা দূৰ কৰে । বেলপাতত এণ্টি অক্সিডেণ্ট গুণ আছে । যিয়ে ছাল সম্বন্ধীয় ৰোগ তথা খজুৱতিৰ সমস্যা দূৰ কৰে ।এনেধৰণৰ সমস্যা থাকিলে বেলপাত আৰু নিমপাত একেলগে গুৰি কৰি কুহুমীয়া পানীৰ সৈতে মিহলি কৰি খজুৱতি হোৱা স্থানত লগাব লাগে । ইয়াৰ ফলত খজুৱতিৰ পৰা উপশম লাভ কৰিব পাৰি
৩/ বেলপাতে ডায়বেটিচ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে।
ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ বেলপাত ব্যৱহাৰ কৰিব পাৰি । প্ৰতিদিনে ৰাতিপুৱা খালি পেটত বেলপাতৰ ৰস খাব পাৰে । বেলপাতৰ ৰস তৈয়াৰ কৰিবলৈ বেলপাত পিহি এক গিলাচ পানীৰ সৈতে মিহলাই জালুক আমলখি দি পান কৰক ।