Local, Vocal, Global

PM Modi on Manipur Issue : মণিপুৰ সন্দৰ্ভত বিৰোধীক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোডীৰ

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক ক্ষুৰধাৰ সমালোচনাৰে তীব্ৰ আক্ৰমণ কৰে (PM Modi on Manipur Issue) । প্ৰধানমন্ত্ৰীয়ে দাবী কৰে যে সেই দলবোৰে ‘মানুহৰ বেদনা আৰু কষ্ট’ৰ প্ৰতি গুৰুত্ব নিদিয়ে, আৰু সকলোৱে ‘ৰাজনীতি কৰে (PM Modi slams Opposition over Manipur) ।

পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে লোকসভাত অনাস্থা প্ৰস্তাৱৰ সন্দৰ্ভত ভাষণ দি সংসদৰ পৰা ওলাই অহাৰ বাবে বিৰোধী দলৰ নেতাসকলকো তীব্র ক্ষোভ প্ৰকাশ কৰে।

পশ্চিমবংগৰ কোলাঘাটত ‘ক্ষেত্ৰীয় পঞ্চায়তীৰাজ পৰিষদ’ৰ উদ্বোধনৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে “তেওঁলোকে (বিৰোধী) ভোটদান হোৱাটো বিচৰা নাছিল (no-confidence motion) (PM Modi slams Opposition over Manipur) । এই লোকসকলে মণিপুৰবাসীক বিশ্বাসঘাতকতা কৰাটো অতি দুখজনক । “বিৰোধী দলৰ সদস্যসকলে সংসদ মাজভাগতে এৰি গুচি যায় । সমগ্ৰ দেশে বিৰোধীপক্ষক সদনৰ পৰা পলাই যোৱা দেখিছে । এইসকল লোকে মণিপুৰৰ জনসাধাৰণক ইমান বিশ্বাসঘাতকতা কৰাটো দুৰ্ভাগ্যজনক।’

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহে সকলো বিৰোধী ৰাজনৈতিক দললৈ এখন পত্ৰ লিখি কৈছিল যে তেওঁ মণিপুৰ বিষয়টো আলোচনা কৰিব বিচাৰে। তেওঁ কৈছিল যে কেৱল মণিপুৰ সন্দৰ্ভত বিতং আলোচনা কৰাটো প্ৰয়োজনীয়। “তেওঁলোকে জানিছিল যে মণিপুৰৰ সত্যই তেওঁলোকক পীড়িত কৰিব । তেওঁলোকে (বিৰোধী) মণিপুৰৰ লোকসকলৰ দুৰ্দশাৰ বিষয়ে চিন্তিত নাছিল । তেওঁলোকৰ বাবে তেওঁলোকৰ ৰাজনীতি অধিক গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁলোকৰ দল দেশতকৈ ডাঙৰ ।” প্ৰধানমন্ত্ৰী মোদীয়ে বিৰোধী দলক নতুন কৌশলেৰে আক্ৰমণ কৰি এনেদৰে কয় ।

কিন্তু আচলতে কি হৈছিল, আপুনি সকলোৱে দেখিছে । বিৰোধীয়ে সেয়া হ’বলৈ নিদিলে ! সঁচা কথাটো হ’ল যে তেওঁলোকে অনাস্থা প্ৰস্তাৱত ভোটদান কৰিবলৈ ভয় খাইছিল ।”

“তেওঁলোকে মণিপুৰ সন্দৰ্ভত আলোচনা বিচৰা নাছিল, সেয়েহে তেওঁলোকে ইয়াক উপেক্ষা কৰিছিল । আৰু তাৰ পৰিৱৰ্তে অনাস্থা প্ৰস্তাৱ আনিছিল আৰু ৰাজনৈতিক আলোচনাক অগ্ৰাধিকাৰ দিছিল । তেওঁলোকে তিনিদিন ধৰি ৰাজনৈতিকভাৱে নম্বৰ লাভ কৰিবলৈ চেষ্টা কৰিছিল ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় ।

পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ সময়ত নিৰ্বাচন সম্পৰ্কীয় হিংসাত্মক ঘটনাক লৈ তৃণমূল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। বংগ নিৰ্বাচনৰ সময়ত মমতা বেনাৰ্জীৰ টিএমচিয়ে বিজেপি প্ৰাৰ্থীক ভাবুকি দিয়াৰ লগতে বুথ দখল কৰাৰ অভিযোগ উত্থাপন কৰে মোদীয়ে।

‘কোনো বিজেপি প্ৰাৰ্থীয়ে যাতে মনোনয়ন দাখিল কৰিব নোৱাৰে তাৰ বাবে যিকোনো প্ৰয়োজনীয় কাম কৰে… কেৱল বিজেপি কৰ্মীকে নহয় ভোটাৰকো ভাবুকি দিয়ে। গুণ্ডাক বুথ দখল কৰিবলৈ ঠিকা দিয়া হয়…এইটোৱেই তেওঁলোকৰ ৰাজ্যত ৰাজনীতি কৰাৰ ধৰণ…” মোদীয়ে কয় ।

মোদীয়ে লগতে কয় যে হিংসাক বিৰোধীক ভাবুকি দিয়াৰ উপায় হিচাপে ব্যৱহাৰ কৰা হৈছে… তথাপিও মই সেই দলীয়সকলক অভিনন্দন জনাইছো, যিসকলে ভাবুকিৰ পিছতো বংগত শেহতীয়াকৈ গ্ৰাম্য নিৰ্বাচনত জয়ী হৈছিল।

তিনিদিনীয়া বিতৰ্কৰ শিখৰত প্ৰধানমন্ত্ৰীৰ অগ্নিময় ভাষণৰ পিছত বৃহস্পতিবাৰে সংসদত অনাস্থা প্ৰস্তাৱক পৰাস্ত কৰিলে এন ডি এ চৰকাৰে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীকে ধৰি বিৰোধী সাংসদসকলে সগনৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পিছতে নিম্ন সদনৰ অধ্যক্ষই আহ্বান কৰা কণ্ঠ ভোটত এই প্ৰস্তাৱ পৰাজিত হয় বুলি জানিব পৰা গৈছে গৈছে।

উল্লেখ্য যে বিজেপিৰ মুৰব্বী জে পি নাড্ডা কোলাঘাটত এই অনুষ্ঠানত উপস্থিত থাকে । প্ৰধানমন্ত্ৰীয়ে লগতে কয়, যেতিয়া তেওঁ বিজেপি কৰ্মীসকলক সম্বোধন কৰে তেতিয়া তেওঁ এক নতুন শক্তি লাভ কৰে । মোদীয়ে কয় “মই সদায় আপোনালোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ চেষ্টা কৰোঁ, কিন্তু সময়ৰ সীমাবদ্ধতাৰ বাবে কিছুমান কাৰ্যসূচী মই ভাৰ্চুৱেলী সম্বোধন কৰিবলগা হয় ।”

লগতে পঢ়ক : Amit Shah Introduces 3 New Bills in Lok Sabha: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিলে তিনিখন বিধেয়ক