Local, Vocal, Global

MP Raghav Chadha changes X Bio : ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াৰ বায়’ সলনি কৰিলে ৰাঘৱ চাড্ডাই

নেশ্যনেল ডেস্ক,১২ আগষ্ট : ৰাজ্যসভাৰ পৰা নিলম্বন হোৱাৰ পাছতে আম আদমিত পাৰ্টিৰ সাংসদ ৰাঘৱ চাড্ডাই সলনি কৰিলে এক্স(টুইটাৰ) বায়’ (MP Raghav Chadha changes X Bio) । বায়’ত লিখা হৈছে ভাৰতৰ নিলম্বিত সাংসদৰ সদস্য বুলি লিখা হৈছে । নিলম্বনৰ পাছতে বিজেপিক তীব্ৰ আক্ৰমণ চাড্ডাৰ(Raghav Chadha changes his social media bio after suspension from Rajya Sabha) ।

চলিত বৰ্ষাকালীন অধিৱেশনৰ মাজতে পুনৰ আন এগৰাকী বিৰোধী সাংসদ নিলম্বিত হ’ল । ৰাজ্যসভাৰ পৰা নিলম্বিত হ’ল দিল্লীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা(AAP MP Raghav Chadha) । নিলম্বন হোৱাৰ পাছতে সামাজিক মাধ্যমত তেওঁ নিজৰ প্ৰ’ফাইল সলনি কৰিছে । প্ৰথমে টুইটাৰৰ প্ৰ’ফাইলত সাংসদৰ সদস্য বুলি আছিল । কিন্তু এতিয়া ‘X’ত পূৰ্বৰ টুইটাৰত “ভাৰতৰ নিলম্বিত সাংসদৰ সদস্য” বুলি লিখা হৈছে (Suspended Member of Parliament)।

উল্লেখ্য শুকুৰবাৰে আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সদস্য ৰাঘৱ চাড্ডাক ৰাজ্যসভাৰ পৰা নিলম্বন কৰা হয় । অসৎ আচৰণ আৰু বিশেষাধিকাৰ ভংগৰ অভিযোগত ৰাজ্যসভাৰ পৰা নিলম্বিত কৰা হয় ৰাঘৱ চাদ্দাক । ৰাজ্যসভাত দিল্লী সেৱা বিধেয়ক সম্পৰ্কীয় প্ৰস্তাৱত পাঁচজন সাংসদৰ স্বাক্ষৰ জাল কৰাৰ অভিযোগত শুকুৰবাৰে আপ নেতাগৰাকীক উচ্চ সদনৰ পৰা নিলম্বন কৰা হয় । এই অভিযোগৰ ওপৰত বিশেষাধিকাৰ সমিতিৰ তথ্য দাখিল নকৰালৈকে চাড্ডাক নিলম্বন কৰা হৈছে ।

ৰাজ্যসভাৰ চাৰিজন সাংসদ -সাস্মিত পাত্ৰ, এছ ফাংনন কন্যাক, এম থাম্বিদুৰাই, আৰু নৰহৰি আমিনে দাবী কৰিছিল যে দিল্লী সেৱা বিধেয়কৰ সৈতে জড়িত প্ৰস্তাৱটোত চাড্ডাই তেওঁলোকৰ অনুমতি অবিহনে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল । ইয়াৰ পাছত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে সাংসদসকলৰ অভিযোগ বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰে।

শুকুৰবাৰে ধনখৰে সদনত ঘোষণা কৰে, “… পৰিষদে বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ সুবিধা নোপোৱালৈকে মই ৰাঘৱ চাধাক পৰিষদৰ সেৱাৰ পৰা নিলম্বন কৰিছো।”

নিলম্বনৰ পাছতে ৰাঘৱ চাড্ডাই কয় যে ৰাজ্যসভাৰ পৰা তেওঁক নিলম্বনৰ লগে লগে বিজেপিৰ পৰা যুৱসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা হৈছে যে যদি আপুনি প্ৰশ্ন সুধিবলৈ সাহস কৰে, বিজেপিয়ে তেওঁলোকৰ কণ্ঠস্বৰ ৰুদ্ধ কৰিব । চাড্ডাৰ মতে দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত সংসদত তেওঁ ভাষণৰ সময়ত কঠোৰ প্ৰশ্ন সোধাৰ বাবে তেওঁক নিলম্বিত কৰা হৈছে । কাৰণ বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ ওচৰত তেওঁৰ প্ৰশ্নৰ কোনো উত্তৰ নাছিল বুলি চাড্ডাই দাবী কৰে । ৰাঘৱ চাড্ডাৰ মতে তেওঁৰ একমাত্ৰ অপৰাধ আছিল দিল্লীৰ ওপৰত বিজেপিৰ দ্বৈত মানসিকতাক আলোকপাত কৰা । চাড্ডাৰ মতে বিজেপিক “আদৱানী-বাদ” আৰু “বাজপেয়ী-বাদ” অনুসৰণ কৰিবলৈ ক’ব লাগিছিল । দৰাচলতে এগৰাকী ৩৪ বছৰীয়া সাংসদে তেওঁলোকক এখন আইনা দেখুৱাইছিল আৰু ইয়াৰ বাবে তেওঁলোকক জবাবদিহি কৰিছিল । সেইটোৱে তেওঁলোকক আঘাত কৰিছে বুলি চাড্ডাই অভিযোগ কৰে ।

ৰাঘৱে কোৱা মতে মিছা অভিযোগত কাম কৰি চৰকাৰে এগৰাকী যুৱ আৰু কাৰ্যকৰী সংসদৰ সদস্যক নিলম্বন কৰাটো স্পষ্টভাৱে এক বিপদজনক লক্ষণ । এই কাৰ্যই যুৱ বিৰোধী হোৱাৰো ইংগিত দিছে আৰু ন্যায্য প্ৰতিনিধিত্ব আৰু গণতান্ত্ৰিক মূল্যবোধৰ ভেটি হ্ৰাস কৰিছে ।

আম আদমি পাৰ্টী আৰু অন্যান্য ভাৰতীয় সাংসদসকলক নিলম্বন কৰাটোৱে সংসদৰ উদ্বেগজনক প্ৰৱণতাক আলোকপাত কৰে য’ত বিজেপিয়ে বিৰোধীক নীৰৱ কৰিবলৈ এইধৰণৰ পথ অৱলম্বন কৰিছে বুলি তেওঁ অভিযোগ কৰে । ৰাঘৱ চাড্ডাই অভিযোগ কৰিছে যে বৰ্ষাকালীন অধিৱেশনত চৰকাৰৰ দ্বাৰা ক্ষমতাৰ অভূতপূৰ্ব অপব্যৱহাৰ হৈছে । মাইক্ৰ’ফোন বলপূৰ্বকভাৱে বন্ধ কৰা হৈছে আৰু বিৰোধীৰ মাত ৰুদ্ধ কৰা হৈছে । আম আদমি পাৰ্টীৰে তিনিজনকৈ সাংসদক নিলম্বন কৰা হৈছে । বিজেপিয়ে বিৰোধীৰ মাত ৰুদ্ধ কৰিবলৈ অপশক্তিৰ অপব্যৱহাৰ কৰিছে বুলিও তেওঁ অভিযোগ কৰে । নিলম্বনৰ দৰে সশস্ত্ৰ সঁজুলিবোৰ ব্যৱহাৰ কৰা হৈছে ।

ৰাঘৱ চাড্ডাৰ মতে সাংসদসকলক নিলম্বন কৰাটোৱে বিজেপিৰ বৰ্ধিত হতাশা উন্মোচিত কৰিছে । তেওঁৰ মতে বিজেপি দুৰ্বল হৈ পৰিছে আৰু ক্ৰমান্বয়ে ৰাজনৈতিক প্ৰতিহিংসাৰ আশ্ৰয় লৈছে । বায়’ত লিখা হৈছে ভাৰতৰ নিলম্বিত সাংসদৰ সদস্য বুলি লিখা হৈছে । নিলম্বনৰ পাছতে বিজেপিক তীব্ৰ আক্ৰমণ চাড্ডাৰ ।

লগতে পঢ়ক : Rahul Gandhi to Visit Wayanad : নিজৰ সংসদীয় সমষ্টি ৱায়ানাডলৈ যাত্ৰা ৰাহুল গান্ধীৰ