Local, Vocal, Global

Amit Shah Introduces 3 New Bills in Lok Sabha: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত উত্থাপন কৰিলে তিনিখন বিধেয়ক

নেশ্যনেল ডেস্ক, ১১আগষ্ট : শুকুৰবাৰে লোকসভাৰ কাৰ্যক্ৰম পুনৰ আৰম্ভ হয় । শুকুৰবাৰে পুৱা ১১ বজাত লোকসভাৰ অধিৱেশন পুনৰ আৰম্ভ হয় কিন্তু হুলস্থুলীয়া পৰিবেশৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দুপৰীয়াই ১২ বজালৈকে সংসদৰ নিম্ন সদনৰ স্থগিত ৰাখে । দুপৰীয়া ১২.৩০ বজাত নিম্ন সদন পুনৰ আৰম্ভ হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন বিধেয়ক উত্থাপন কৰে(Amit Shah Introduces 3 New Bills in Lok Sabha)।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত তিনিখন বিধেয়ক উত্থাপন কৰে।গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে লোকসভাত ব্ৰিটিছ যুগৰ আইন ভাৰতীয় দণ্ডবিধি,ফৌজদাৰী বিধি আৰু ভাৰতীয় প্ৰমাণ আইন সলনি কৰি তিনিখন নতুন আইন সলনি কৰি তিনিখন নতুন আইন বিধেয়ক উত্থাপন কৰে(Amit Shah introduces 3 Bills aimed at reforming India’s criminal justice system) ।

সদনত বিধেয়ক উপস্থাপন কৰাৰ সময়ত গৃহমন্ত্ৰী শ্বাহে কয়, ব্ৰিটিছ যুগৰ ফৌজদাৰী আইন সলনি হ’ব, ১৮৬০ চনৰ আইপিচি সলনি কৰা হ’ব। আৰু ইয়াক ভাৰতীয় দণ্ডবিধিৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হ’ব। ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ স্থান ল’ব ভাৰতীয় নাগৰিক সুৰক্ষা সংহতিয়ে।সশস্ত্ৰ বিদ্ৰোহ, দেশ অনিষ্ট কৰা আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত লিপ্ত হোৱা, ভাৰতৰ একতা আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ দৰে অপৰাধ যোগ কৰা হৈছে।

লগতে গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, ‘দেশদ্ৰোহ’ আইন বাতিল কৰা হ’ব আৰু ইয়াৰ ঠাইত ১৫০ ধাৰা গ্ৰহণ কৰা হ’ব। য’ত দেশৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা অপৰাধসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। গণ প্ৰহাৰক লৈ তৈয়াৰ হ’ব নতুন আইন(Will repeal offence of sedition says Amit Shah as he introduces 3 bills to overhaul justice system )।
কিশোৰী ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ ব্যৱস্থা থাকিব। ইংৰাজে নিজৰ শাসনকালত ৰাজদ্ৰোহ আইন তৈয়াৰ কৰিছিল। চৰকাৰে নিৰ্ণয় লৈছে যে ৰাজদ্ৰোহ আইন ভংগ হ’ব। কাৰণ ভাৰতত গণতন্ত্ৰ আছে। গতিকে সকলোৰে কথা কোৱাৰ অধিকাৰ আছে। শিশু আৰু মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধত দোষীক শাস্তিৰ দিয়া ওপৰত গুৰুত্ব দিয়া হৈছে।জনসাধৰণে দেশৰ যিকোনে প্ৰান্তৰ পৰাই এজাহাৰ দাখিল কৰিব পাৰিব।

চিলনী চোৰৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হ’ব। যিবোৰ ধাৰাত ৭ বছৰতকৈ অধিক শাস্তি দিয়াৰ ব্যৱস্থা আছে , ফৰেঞ্চিক দলে সেইবোৰ পৰিদৰ্শন কৰিব । ২০২৭ চনৰ ভিতৰত দেশৰ সকলো আদালত কম্পিউটাৰইজ কৰা হ’ব।

যদি কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় তেন্তে তেওঁৰ পৰিয়ালক এই বিষয়ে অতি শীঘ্ৰেই অবগত কৰা হ’ব আৰু ইয়াৰ বাবে এগৰাকী আৰক্ষী বিষয়া নিযুক্তি কৰা হ’ব। ৩ বছৰলৈকে দণ্ডনীয় ধাৰাবোৰৰ সাৰাংশ বিচাৰ হ’ব । বিচাৰকজনে অভিযোগ গঠন কৰাৰ ৩০ দিনৰ ভিতৰত তেওঁৰ সিদ্ধান্ত দিব লাগিব। সংগঠিত অপৰাধত কঠোৰ শাস্তিৰ ব্যৱস্থা আছে। মৃত্যুদণ্ড আজীৱন কাৰাদণ্ডলৈ পৰিৱৰ্তন কৰিব পৰা যাব কিন্তু সম্পূৰ্ণৰূপে অব্যাহতি দিয়াটো সহজ নহ’ব। ইয়াৰোপৰি ৩ বছৰৰ ভিতৰতে ন্যায় লাভ কৰিব।

ভাৰতীয় ন্য়ায় সংহতি,২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি,২০২৩, আৰু ভাৰতীয় সাক্ষ্য বিধেয়ক,২০২৩ক অধিক পৰীক্ষাৰ বাবে সংসদীয় পেনেললৈ প্ৰেৰণ কৰা হ’ব বুলি কয় গৃহমন্ত্ৰী গৰাকীয়ে ।লগতে গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, ”উদ্দেশ্যে শাস্তি দিয়া নহয়,ন্য়ায় প্ৰদান কৰা হ’ব। অপৰাধ বন্ধ কৰাৰ আৱেগ সৃষ্টি কৰিবলৈ শাস্তি দিয়া হ’ব(3 bills introduced in Lok Sabha to replace IPC and CrPC)।

উল্লেখ্য যে, এই ৩ বিধেয়কত আৰু বহু নিয়ম আছে। যদিহে এই বিধেয়ককেইখন গৃহীত হয় তেন্তে ভাৰতীয় আইনত বহু সাল-সলনি হ’ব।

লগতে পঢ়ক :Amit Shah On Manipur Violence: গৃহমন্ত্ৰীৰ মণিপুৰৰ ওপৰত বক্তব্যৰ সন্দৰ্ভত মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইম’ সিঙৰ টুইট