Local, Vocal, Global

Constituency Delimitation : প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা , অনুসূচীত জাতি-জনজাতিৰ বাবে কোনকেইটা সমষ্টি ?

নিউজ ডেস্ক, ১২ আগষ্ট : শুকুৰবাৰে ভাৰতীয় নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা (Constituency Delimitation) ৷ দেশৰ নিৰ্বাচন আয়োগে বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা (Final Delimitation Order)৷ এই চূড়ান্ত তালিকাত সলনি হ’ল কেইবাটাও সমষ্টিৰ নাম ৷ প্ৰকাশিত চূড়ান্ত তালিকাত অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ পৰা ১৯টা অনুসূচিত জনজাতিৰ বাবে আৰু ৯টা বিধানসভা সমষ্টিক অনুসূচিত জাতি (SC)ৰ বাবে সংৰক্ষিত হৈছে(Final Delimitation Order) ৷

অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভাৰ অন্তৰ্গত বিধানসভা সমষ্টি দতমা, কোকৰাঝাৰ, চিডলী চিৰাং, বাক্সাক STৰ বাবে সংৰক্ষণ কৰা হৈছে (Election Commission delimitation of constituencies)৷ দৰং-ওদালগুৰি লোকসভাত তামুলপুৰ, ওদালগুৰি এই দুটা বিধানসভা সমষ্টিক STৰ বাবে সংৰক্ষণ কৰা হৈছে ৷

গুৱাহাটী লোকসভাত পশ্চিম গোৱালপাৰা, দুধনৈ, বকো-ছয়গাঁৱক STৰ বাবে সংৰক্ষণ কৰিছে৷ STৰ বাবে সংৰক্ষিত লোকসভা ডিফুত স্বাভাৱিকতে আটাইকেইটা বিধানসভা সমষ্টি ক্ৰমে বোকাজান, হাওৰাঘাট, ডিফু, ৰংখাং, আমৰি, হাফলং সংৰক্ষিত হৈছে STৰ বাবে৷ লখিমপুৰ সংসদীয় সমষ্টিত ঢকুৱাখানা, ধেমাজি, জোনাই বিধানসভা সমষ্টিক STৰ বাবে সংৰক্ষণ কৰাৰ লগতে যোৰহাট লোকসভাত মাজুলী বিধানসভাক ST কৰিছে দেশৰ নিৰ্বাচন আয়োগে৷

মুঠ ১৯টা বিধানসভা সমষ্টিক STৰ বাবে সংৰক্ষণ কৰাৰ বিপৰীতে ৯টা বিধানসভা সমষ্টি SC সকলৰ বাবে সংৰক্ষিত কৰিছে ৷ SCৰ বাবে সংৰক্ষিত হৈছে লখিমপুৰ লোকসভাৰ অন্তৰ্গত নাওবৈচা বিধানসভা, শোণিতপুৰ লোকসভাত বিহালীক, নগাঁও লোকসভাত জাগীৰোড আৰু ৰহা, গুৱাহাটী লোকসভাত ডিমৰীয়া, বৰপেটা লোকসভাত বৰপেটা বিধানসভা সদৰ, শিলচৰ লোকসভাত ধলাই বিধানসভা সমষ্টি, কৰিমগঞ্জ লোকসভাত ৰাম কৃষ্ণ নগৰ বিধানসভা সমষ্টিক SCৰ বাবে সংৰক্ষণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷

১৪টা লোকসভা সমষ্টিৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে কোকৰাঝাৰ আৰু ডিফুক পূৰ্বৰ দৰেই সংৰক্ষতি ৰখাৰ বিপৰীতে শিলচৰক অনুসূচিত জাতিৰ বাবে সংৰক্ষণ কৰিছে আয়োগে ৷ পূৰ্বতে SCৰ বাবে সংৰক্ষিত আছিল কৰিমগঞ্জ লোকসভা৷ কৰিমগঞ্জতকৈ শিলচৰ লোকসভাত ২০০১ৰ লোকপিয়ল অনুসৰি অনুসূচিত জাতিৰ জনসংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শিলচৰক সংৰক্ষণৰ আওতালৈ আনিলে দেশৰ নিৰ্বাচন আয়োগে ৷

উল্লেখ্য যে এই চূড়ান্ত তালিকাখনত মুঠ ১৯ টা বিধানসভা সমষ্টিৰ নাম সলনি কৰা বিপৰীতে ১ টা লোকসভা সমষ্টিৰ নাম সলনি কৰা হৈছে ৷ পূৰ্বে খচৰা প্ৰকাশ পোৱাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছিল যে কেৱল চৰকাৰে নিজৰ স্বাৰ্থ সুৰক্ষাৰ বাবেই নিজৰ ইচ্ছা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছে ৷ অৱশ্যে চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছতো বিৰোধীৰ মাজত একেই প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক : MP Raghav Chadha changes X Bio : ৰাজ্যসভাৰ পৰা নিলম্বিত হোৱাৰ পিছত ছ’চিয়েল মিডিয়াৰ বায়’ সলনি কৰিলে ৰাঘৱ চাড্ডাই