Local, Vocal, Global

টেলিকম উদ্যোগক সহযোগিতাৰ আহ্বান প্ৰধান মন্ত্ৰীৰ

নিৰ্ধাৰিত সময়ৰ ভিতৰত দেশত ৫ জি মোবাইল সেৱা মুকলি কৰাৰ ববে টেলিকম উদ্যেগৰ সৈতে জড়িত সকলো প্ৰতিস্ঠানকে সহযোগ কৰাৰ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, বহু প্ৰত্যাশিত ক’ভিড-১৯ টিকাকৰণ আঁচনি সঠিক ভাবে ৰুপায়ন কৰাৰ বাবে ভাৰতে মোবাইল প্ৰযুক্তি ব্যবহাৰ কৰিব। তেওঁ লগতে ভাৰতত নেটৱৰ্ক গিয়াৰৰ ডিজাইন বিকাশ আৰু নিৰ্মাণৰ ক্ষেত্ৰত হাব হিচাপে গঢ়ি তোলাৰ বাবেও টেলিকম খণ্ডৰ প্ৰতি আহ্বান জনাই। ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ ইক ভাৰছোৱেল অনুস্ঠানত অংশগ্ৰহণ কৰি এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীযে।