Local, Vocal, Global

বটদ্ৰৱাত পেট্ৰল পাম্পৰ ৰাম ঠগন

বটদ্ৰৱাত পেট্ৰল পাম্পৰ ৰাম ঠগন। পইচা লৈ সম্পূৰ্ণ পেট্ৰল নিদিয়াৰ অভিযোগ ভূক্তভোগীৰ।

আপুনি বাৰু পেট্ৰল পাম্পত তেল ভৰাই নেকি তেন্তে সাৱধান হওক ধন লৈ সম্পূৰ্ণ তেল দিছেনে আপোনাক এবাৰ ভাৱক।এইবাৰ বটদ্ৰৱাৰ জামতলস্থিত ভাৰত পেট্ৰলিয়াম নামৰ পেট্ৰল পাম্পৰ বিৰুদ্ধে উঠিছে এক ধন লৈ তেল নিদিয়াৰ অভিযোগ।”লৈছে ধন দিয়া নাই পেট্ৰল”ৰব পিছে এই অভিযোগ আমাৰ নহয় এই অভিযোগ ভূক্তভোগীৰ।

সন্দিয়া ৭:১৫মিনিটত উক্ত পেট্ৰল পাম্পত মৈৰাৱাৰীৰ মুস্তাফা জামান নামৰ যুৱকজনে নিজৰ AS-02N-9847 নম্বৰৰ হোণ্ডা ইয়ন গাড়ীত এক হাজাৰ টকাৰ পেট্ৰল বঢ়াই কিন্তু গাড়ীখন চলাব দৰোতেই মিটাৰত তেল নেদেখুৱাত যুৱকজনৰ সন্দেহ হয় লগে লগে পাম্পত কৰ্মৰত লোক সকলক অভিযোগ কৰাত মিটাৰখন বেয়া বুলি অভিযোগ খণ্ডন কৰে।

পুনৰ যুৱকজনে পুনৰ ১৩৪০টকাৰ তেল বঢ়াওতে মিটাৰত দেখুৱাত যুৱকজনে কোৱাত কৰ্মৰত কৰ্মচাৰী সকলে কোনো গুৰুত্ব প্ৰধান নকৰে।উল্লেখযোগ্য বিষয় যে,তেল বঢ়াওতে পাম্পৰ কৰ্মচাৰী সকলে প্ৰধান কৰা নাই কোনো ধৰণৰ ৰিচিভ।

অৱশেষত যুৱকজনে বটদ্ৰৱা আৰক্ষী চকীত জামতলস্থিত পেট্ৰল পাম্প কৰ্তৃপক্ষৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ।যুৱকজনৰ কৰা যদি সঁচা হয় তেতিয়া হলে এবাৰ বাওঁকচোন দৈনিক কিমান মানুহক দিছে ৰামঠগন এই পেট্ৰল পাম্পে।এফালে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি আনফালে পেট্ৰল পাম্পৰ এনে কাৰ্য্য সচাই এক চিন্তনীয় বিষয়।

এতিয় প্ৰশ্ন হয় বটদ্ৰৱা আৰক্ষীয়ে ইয়াৰ এক উচিত তদন্ত কৰি ন্যায় দিবলৈ সক্ষম হবনে আৰক্ষী প্ৰশাসন?বন্ধ হবনে পেট্ৰল পাম্পৰ এনে শোষণ ?সেয়া হব পৰৱৰ্তী সময়ৰ অতিকৈ লক্ষণীয় বিষয়।