Local, Vocal, Global

১৪ বছৰীয়া প্ৰেমিকাক পলুৱাই নিলে ১৫ বছৰীয়া বিবাহিত প্ৰেমিকে

১৪ বছৰীয়া প্ৰেমিকাক পলুৱাই নিলে ১৫ বছৰীয়া বিবাহিত প্ৰেমিকে. আলোপতি মাজৰচৰত চাঞ্চল্য

এচাম কিশোৰ-চেমনীয়াৰ বিকৃত মানসিকতাৰ এক জলন্ত উদাহৰণ ,সংঘটিত হৈছে ১৪ বছৰীয়া প্ৰেমিকাক ১৫ বছৰীয়া নাবালক প্ৰেমিকে পলুৱাই নিয়াৰ দৰে অবিশ্বাস্য কাণ্ড

বৰপেটাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰত অপৈণত কিশোৰ-কিশোৰীৰ অদ্ভুত কাণ্ড

১৫ বছৰীয়া প্ৰেমিকে পলুৱাই নিলে ১৪ বছৰীয়া অষ্টম মানৰ প্ৰেমিকাক

মাজৰচৰ গাঁৱৰ ছোৰহাব আলী নামৰ এজনৰ নাবালিকা ১৪ বছৰীয়া কন্যা তথা অষ্টম মানৰ ছাত্ৰী গৰাকীক পলুৱাই নিলে চুবুৰীয়া কালাইৰদিয়া গাঁৱৰ সদাগৰ আলী নামৰ এজনৰ ১৫ বছৰীয়া বিবাহিত  কিশোৰে

প্ৰেম পাশত বন্দী হৈ সুযোগ বুজি নিশাৰ আন্ধাৰত নাবালিকা প্ৰেমিকাক পলুলাই নিলে ১৫ বছৰীয়া কিশোৰে

পলুৱাই নিয়া নাৱালিকাৰ অভিভাৱকে নাবালিকা গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰা বুলিও অভিযোগ উত্থাপন কৰিলে পলোৱাই লৈ যোৱা কিশোৰ গৰাকীৰ বিৰুদ্ধে

ঘটনা সন্দৰ্ভত আলোপতি চৰ আৰক্ষী থানাত নাবালিকাৰ অভিভাৱকে দাখিল কৰিলে এজহাৰ।