Local, Vocal, Global

পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্যই

নিউজ ডেস্ক,২৫ মাৰ্চঃ পাঁচ ৰাজৰ বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পাছতেই দ্বিতীয়বাৰলৈ বৃদ্ধি পালে পেট্ৰ’ল ডিজেলৰ মূল্যই।

শুকুৰবাৰৰ পৰা ইণ্ডিয়ান অইলে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৮০ পইচা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ পাছতেই দেশৰ ৰাজধানী দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯৭.৮১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৮৯.০৭ টকা।

এতিয়ালৈকে দিল্লীত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য প্ৰতি লিটাৰত  টকাত বৃদ্ধি পাইছে। একে সময়তে, ব্ৰেণ্ট ক্ৰুড অইল প্ৰতি ১১৮.৮৭ ডলাৰ হৈছে।

ইফালে শাসক দলে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ফলতে ভাৰতত পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে বুলি মন্তব্য কৰে।