Local, Vocal, Global

আৰ্থিক সংকটত শ্ৰীলংকা, প্ৰতি কেজি চাউলৰ দাম ৫০০ টকা

নিউজ ডেস্ক, ২৫ মাৰ্চঃ তীব্ৰ আৰ্থিক সংকটত ভুগিছে ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকা। এই সংকটৰ মাজতে দেশখনত খাদ্য, ঔষধ, গাখীৰ, ৰন্ধন গেছ আৰু ইন্ধনৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তীব্ৰ নাটনি হৈছে।

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত এক কিল’গ্রাম চাউলৰ দাম শ্রীলংকাৰ মুদ্ৰাৰ হিচাপত ৫০০ টকা, ৪০০ গ্রাম পাউদাৰ গাখীৰৰ দাম ৭৯০ টকা, ১ কিল’গ্রাম চেনিৰ দাম ২৯০ টকা হৈছেগৈ। পাউদাৰ গাখীৰৰ দাম তিনি দিনত ২৫০ টকা বৃদ্ধি হ’ল।

ইপিনে শক্তি উৎপাদন প্রকল্পবােৰ চলাবলৈ ইন্ধনৰ নাটনি হােৱাৰ কাৰণে বাসিন্দাসকল দৈনিক দীঘলীয়া সময় বিদ্যুৎ কর্তনৰ সন্মুখীন হৈছে।

ইয়াৰ উপৰিও শ্ৰীলংকাই আগন্তুক ১২ মাহত ৭.৩ আৰৱ ডলাৰ ভাৰতীয় মূল্যৰ হিচাপত ৫৪ হাজাৰ কোটি টকা বিদেশী ঋণ ঘূৰাব লাগিব। এই ৫৪ হাজাৰ কোটি টকাৰ ভিতৰত ৬৮ শতংশ ঋণেই চীনক দিব লাগিব দেশখনে।

ইফালে শ্ৰীলংকাৰ এনে বিত্তীয় সংকটৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে দেশখনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। ভাৰতে চুবুৰীয়া দ্বীপ ৰাষ্ট্ৰখনক ৯০ নিযুত ডলাৰতকৈও অধিক ঋণ প্ৰদানৰ কথা ঘোষণা কৰিছে।