Local, Vocal, Global

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল ২৫ টাকৈ বাসগৃহ

নিউজ ডেস্ক,২৫ মাৰ্চঃ মহানগৰীত ভয়াৱহ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় মহানগৰীৰ পাটৰকুচিত।

অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় ২৫ টাতকৈ অধিক ঘৰ। লগতে এই জুইত জাহ যায় এগৰাকী আৰক্ষী প্ৰশাসনৰ বাসগৃহ।

বীন চন্দ্ৰ বৰা নামৰ প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ লোকজনৰ ঘৰত জুইৰ সূত্ৰপাত হয়। এই আৰক্ষীজনৰ ঘৰতে আছিল ৩০ টাককৈ অধিক ভাড়াঘৰ।

তদুপৰি ৩খন বাহন জ্বলি যায় এই অগ্নিকাণ্ডত। ঘটনাস্থলীত এই মুহূৰ্তৰলৈকে এটা শিশু নিৰুদ্দেশ হৈ আছে।