Local, Vocal, Global

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য ?

প্ৰতিদিনে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণৰ মূৰত । শনিবাৰৰ দিনটোতে ৰাজ্যত পেট্ৰ’লত বৃদ্ধি পালে ২৫ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ২১ পইচাকৈ। ইয়াৰ লগে লগে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ৮৪.৫৯ টকা। সেইদৰে প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৯.০৭ টকা।
বিগত  ২১ দিনত পেট্ৰ’লত বৃদ্ধি পালে ৯.১২ টকা। আনহাতে ডিজেলত বৃদ্ধি পালে ১১.০১ টকা। জানিব পৰা মতে, এতিয়া পেট্ৰ’ল-ডিজেলৰ দাম হ্ৰাস পোৱাৰ নাই কোনো সম্ভাৱনা।