আগন্তুক তিনিদিনত ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত

ৰাজ্যজুৰি বানৰ সংহাৰৰ মাজতে দিল্লীস্থিত কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এক বিশেষ সতৰ্কবাণী । আগন্তুক তিনিদিনত ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত । ইয়াৰ লগতে প্ৰান্তে-প্ৰান্তে বজ্ৰপাত হোৱাৰো আশংকা আছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই । বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি অসমৰ লগতে বিহাৰ, পশ্চিমবংগ, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ডতো হ’ব প্ৰৱল বৃষ্টিপাত ।