Local, Vocal, Global

পাঠশালাত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ শোকাৱহ মৃত্যু

নেৰানেপেৰা বৰষুণ আৰু চাৰিওফালে বানপানীৰ আতংকৰ মাজতে পাঠশালাৰ মাজমজিয়াত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি লয়  এগৰাকী ব্যক্তিয়ে৷ পাঠশালা শৰ্মা টকীজ নামৰ চিনেমা হলটোত দীৰ্ঘদিন ধৰি এজন কৰ্মচাৰী হিচাপে কাম কৰি থকা পাঠশালা ৰূপনগৰৰ ৪০ বছৰীয়া বিজয় দাসে আন দিনাখনৰ দৰে হলটোত থাকে যদিও দেওবাৰে সন্ধিয়াৰ পৰা তেওঁ সন্ধানহীন হৈ আছিল৷ সোমবাৰে পুৱা বিজয়ৰ নিথৰ দেহ চিনেমা হলৰ পিছপিনে থকা ডিজি মেচিনৰ ওচৰত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। উদ্ধাৰ কৰা সময়তো বিজয়ৰ ভৰিত বিদ্যুতৰ তাঁৰ লাগি থকা প্ৰত্যক্ষ কৰে একাংশই। পিছত বিজয়ৰ নিথৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।