Local, Vocal, Global

সৰ্প দংশনত মৃত্যু এগৰাকী কিশোৰীৰ

লখিমপুৰ বিহপুৰীয়াৰ পকাদলত সৰ্প দংশনত মৃত্যু হয় শিখামণি বৰুৱা নামৰ এগৰাকী কিশোৰীৰ৷ দেওবাৰে সন্ধিয়া ঘৰৰ ভিতৰতে বিষাক্ত সৰ্পই দংশন কৰে কিশোৰীগৰাকীক৷ পূৱ ডিক্ৰং মহাবিদ্যালয়ৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰী আছিল কিশোৰীগৰাকী৷ উপযুক্ত চিকিৎসাৰ অভাৱতেই কিশোৰীগৰাকীৰ মৃত্যুৰ অভিযোগ কিশোৰীগৰাকীৰ পৰিয়ালৰ৷ বিহপুৰীয়া গ্ৰাম্য চিকিৎসালয়ৰ পৰা লখিমপুৰলৈ নিয়াৰ পথতে মৃত্যু ঘটে কিশোৰীগৰাকীৰ৷ বিহপুৰীয়া চিকিৎসালয়ৰ পৰা বিনা চিকিৎসাই ঘৰলৈ কিশোৰীগৰাকীক ওভতাই পঠিওৱাৰ অভিযোগ একাংশৰ৷ স্বাস্থ্য বিভাগে ৰাজ্যৰ প্ৰায়বোৰ চৰকাৰী চিকিৎসালয়তে সৰ্প দংশনৰ চিকিৎসা সম্ভৱ বুলি ঢাক-ঢোল কোবাই অহাৰ সময়তে বিনা চিকিৎসাই এনেদৰে এগৰাকী কিশোৰীয়ে অকাল মৃত্যুক সাৱটি লোৱাত অঞ্চলজুৰি বিৰাজ কৰে চাঞ্চল্য৷ বিহপুৰীয়া চিকিৎসালয়ত সৰ্প দংশনৰ চিকিৎসা উপলব্ধ বুলি পূৰ্বেই স্বাস্থ্য বিভাগে বিজ্ঞাপনত উল্লেখ কৰিছিল যদিও এই ঘটনাই এতিয়া উদঙায়  চিকিৎসালয়খনৰ ফোপোলা স্ৱৰূপ  ৷