ক্ৰিকেটাৰ পাৰ্থিৱ পেটেলৰ অৱসৰ গ্ৰহণ

১৭ বছৰ বয়সতে ইংলেণ্ডৰ বিৰুদ্ধে এখন টেষ্ট মেচত আত্মপ্ৰকাশ কৰা উইকেটকীপাৰ-বেটছমেন পাৰ্থিৱ পেটেলে বুধবাৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। ২৫খন টেষ্ট মেচ, ৩৮খন এদিনীয়া আন্তৰ্জাতিক আৰু দুখন টি-টুৱেণ্টী মেচত ভাৰতীয় দলৰ সদস্য আছিল পাৰ্থিৱ। শেষবাৰৰ বাবে ২০১৮ত জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত এখন টেষ্ট মেচত ভাৰতীয় দলৰ হৈ খেলিছিল বাঁওহতীয়া বেটছমেনজনে। টুইটাৰত ১৮ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ অন্ত পেলোৱাৰ ঘোষণা কৰি এটা দীঘলীয়া টোকা লিখে পাৰ্থিৱে।
— parthiv patel (@parthiv9) December 9, 2020
ঘৰুৱা ক্ৰিকেটত গুজৰাট দলৰ হৈ ৰঞ্জী ট্ৰফীত খেলিছিল পাৰ্থিৱে। আনহাতে আইপিএলত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিঙছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালুৰু আদি দলক প্ৰতিনিধিত্ব কৰিছিল পাৰ্থিৱে। বৰ্তমান পাৰ্থিৱৰ বয়স ৩৫ বছৰ।