প্ৰধানমন্ত্ৰীয়ে কামনা কৰিলে ছোনিয়া গান্ধীৰ দীৰ্ঘ, সুস্থ জীৱন

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ দীৰ্ঘ জীৱন আৰু সুস্বাস্থ্য কামনা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছোনিয়া গান্ধীৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত জ্ঞাপন কৰিলে শুভেচ্ছা। প্ৰধানমন্ত্ৰীৰ টুইট, ‘ছোনিয়া গান্ধীজীলৈ জন্মদিনৰ শুভেচ্ছা। ভগৱানে তেওঁক দীৰ্ঘ আৰু সুস্থ জীৱন প্ৰদান কৰক।’
Birthday greetings to Smt. Sonia Gandhi Ji. May God bless her with a long and healthy life.
— Narendra Modi (@narendramodi) December 9, 2020
প্ৰধানমন্ত্ৰীৰ উপৰিও আন বহু ৰাজনৈতিক নেতাই ছোনিয়া গান্ধীক জন্মদিনৰ শুভকামনা জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও টুইটাৰত ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাইছে।
Birthday greetings to the President of the Indian National Congress party Smt. Sonia Gandhi Ji. May you be blessed with good health and long life.
— Nitin Gadkari (@nitin_gadkari) December 9, 2020
উল্লেখ্য যে বুধবাৰে ৭৪ বছৰত ভৰি দিলে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে। কিন্তু দেশত ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ বাবে আৰু কৃষকসকলৰ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াই এইবাৰ ছোনিয়া গান্ধীয়ে জন্মদিন উদযাপন কৰা নাই। কংগ্ৰেছৰ ৰাজ্যিক কমিটীসমূহকো এই সম্পৰ্কে জনাই দিয়া হৈছে। কোনেও যাতে ছোনিয়া গান্ধীৰ জন্মদিন উপলক্ষে কেক কটাৰ দৰে কাৰ্যসূচী হাতত নলয় সেই সন্দৰ্ভত নিৰ্দেশনা দিয়া হৈছে।